গাজা ষ্ট্ৰিপ, ১১ আগষ্ট (হি.স.)। ইৰাণৰ অৰ্ধ চৰকাৰী ‘মেহাৰ’ সংবাদ সংস্থাই দাবী কৰিছে যে গাজা চহৰত ইজৰাইলৰ বিমান আক্ৰমণত চাৰিজন আল জাজিৰা সাংবাদিক নিহত হৈছে। কাটাৰৰ এটা টিভি চেনেলৰ উদ্ধৃতি দি মেহৰে নিহত সাংবাদিকসকলৰ ভিতৰত এজনৰ নাম আনাছ আল শ্বৰীফ বুলি উল্লেখ কৰিছে। আল জাজিৰাই নিজৰ সাংবাদিক হত্যাকাণ্ডক গৰিহণা দিছে। ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে যে আনাছ আল শ্বৰীফ হামাছৰ সন্ত্ৰাসবাদী আছিল।
মেহৰৰ খবৰ অনুসৰি চাৰিওজন সাংবাদিক আল-শ্বিফা হাস্পতালৰ বাহিৰত সংবাদ মাধ্যমৰ বাবে নিৰ্মিত তম্বুত আছিল। স্থানীয় সময় অনুসৰি মাজনিশা (জিএমটি +৩) কেইমিনিটমান পূৰ্বে সংঘটিত হয় এই ড্ৰোন আক্ৰমণ। এই আক্ৰমণত ৭ জন লোক নিহত হয়। টিভি চেনেলটোৰ মতে, বিগত কিছুদিনত গাজা পট্টিত ইজৰাইলৰ আক্ৰমণত নিহত হোৱা ৪৮জন পেলেষ্টাইনীৰ ভিতৰত ইয়াৰ সাংবাদিকসকলো আছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে ১০ আগষ্টত জনাইছিল যে ২০২৩ চনৰ অক্টোবৰ মাহত গাজাত সংঘাত তীব্ৰতৰ হোৱাৰ পিছত মুঠ মৃত্যুৰ সংখ্যা ৬১,৪৩০ লৈ বৃদ্ধি পাইছে।
আল জাজিৰাই জনোৱা মতে, গাজাত ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইয়াৰ সংবাদদাতা আনাছ আল শ্বৰীফ, মহম্মদ কাৰিকেহ, ফটোগ্ৰাফাৰ ইব্ৰাহিম আল থাহাৰ জাহিৰ আৰু মহম্মদ নৌফাল। সংবাদ মাধ্যমৰ গোটটোৱে কয় যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত এয়া আন এক পূৰ্ব পৰিকল্পিত আক্ৰমণ। আল জাজিৰাই কয় যে গাজাৰ ভিতৰৰ পৰা বাকী থকা শেষ কণ্ঠৰ ভিতৰত আনাছ আৰু তেওঁৰ সহযোগীসকলো অন্যতম।
ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এই পৰিঘটনাক লৈ হোৱা বিভ্ৰান্তি দূৰ কৰিবলৈ চেষ্টা কৰিছে। আইডিএফে লিখিছে, হামাছৰ সন্ত্ৰাসবাদী আনাছ আল শ্বৰীফ এই আক্ৰমণত নিহত হয়। তেওঁ নিজকে আল জাজিৰাৰ সাংবাদিক বুলি কৈছিল। আল শ্বৰীফ হামাছৰ এটা সন্ত্ৰাসবাদী গোটৰ মুৰব্বী আছিল। তেওঁ ইজৰাইলৰ সাধাৰণ নাগৰিক আৰু আইডিএফৰ জোৱানৰ ওপৰত ৰকেট আক্ৰমণ চলাইছিল।”
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
