ঢাকা (বাংলাদেশ), ০৪ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশ আৰক্ষীয়ে জুলাই মাহত ৰাজশ্বাহীত জনবিদ্ৰোহৰ সময়ত প্ৰতিবাদকাৰীক হত্যা কৰাৰ সন্দৰ্ভত ৰুজু হোৱা দুটা গোচৰৰ বিৰুদ্ধে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু আন ২৪৩ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। তদন্তকাৰী বিষয়াসকলে এতিয়ালৈকে শ্বেখ হাছিনা, প্ৰাক্তন মন্ত্ৰী ওবাইদুল কোৱাদৰ আৰু ৰাজশ্বাহী চহৰৰ প্ৰাক্তন মেয়ৰ খাইৰুজ্জামান লিটনকে ধৰি ২৪৪ জন লোকৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ পাইছে। ৰাজশ্বাহী মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত মহম্মদ গাজিউৰ ৰহমানে কয় যে তেওঁলোকৰ নাম চাৰ্জশ্বীটত সন্নিবিষ্ট কৰা হৈছে।
এই তথ্য ৰাজশ্বাহী মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত মহম্মদ গাজিউৰ ৰহমানৰ উদ্ধৃতি দি দ্য ডেইলী ষ্টাৰ কাকতৰ বাতৰিত প্ৰকাশ পাইছে। তেওঁ কয় যে আৰ এম পিৰ ডিটেক্টিভ ব্ৰাঞ্চে (ডি বি) গোচৰসমূহৰ তদন্ত কৰি শেহতীয়াকৈ আদালতত চাৰ্জশ্বীট দাখিল কৰিছে। আৰ এম পি আদালতৰ আৰক্ষী পৰিদৰ্শক আব্দুৰ ৰফিকে জনোৱা মতে, জুলাই মাহৰ বিদ্ৰোহৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত বিভিন্ন থানাত মুঠ ৯টা গোচৰ ৰুজু হৈছে। ইয়াৰে দুটা হত্যাৰ গোচৰ আৰু বাকী কেইটা বিভিন্ন ধৰণৰ হিংসা আৰু আক্ৰমণৰ সৈতে জড়িত গোচৰ।
আব্দুৰ ৰফিকে কয় যে যোৱা কেইদিনমানৰ পৰা আৰক্ষীয়ে ৯টা গোচৰৰ আটাইকেইটাতে নিজ নিজ আদালতত অভিযোগনামা দাখিল কৰিছে। তেওঁ কয় যে এই ৯টা গোচৰত মুঠ ৫২৯জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ইয়াৰে শ্বেখ হাছিনাকে ধৰি ২৪৪জন লোকৰ নাম দুটা হত্যাকাণ্ডৰ গোচৰত উল্লেখ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
