ছান ফ্ৰান্সিস্কো, ০৭ অক্টোবৰ (হি.স.)। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে এ বি ২৬৮ বিধেয়কত স্বাক্ষৰ কৰি আইনত পৰিণত কৰাৰ পাছত দীপাৱলীক চৰকাৰী ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।
এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যিক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, আৰু চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে দীপাৱলী বন্ধৰ সুবিধা ল’ব পাৰিব। অৱশ্যে এই ছুটী কেৱল চৰকাৰী প্ৰতিষ্ঠান আৰু কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব; ইয়াৰ প্ৰভাৱ ব্যক্তিগত কোম্পানীক নপৰে।
এই পদক্ষেপৰ জৰিয়তে কেলিফৰ্ণিয়া আমেৰিকাৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে দীপাৱলীক চৰকাৰী ৰাজ্যিক বন্ধৰ দিন ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে পেনচিলভেনিয়া আৰু কানেকটিকাটে দীপাৱলীক ৰাজ্যিক বন্ধৰ দিন হিচাপে স্বীকৃতি দিছিল।
হিন্দু-আমেৰিকান সম্প্ৰদায় আৰু ৰাজ্যখনৰ নাগৰিকে এই ঐতিহাসিক সিদ্ধান্তক উৎসৱ আৰু গৌৰৱৰ মুহূৰ্ত বুলি প্ৰশংসা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
