ৱাশ্বিংটন, ২০ ডিছেম্বৰ (হি.স.)। আমেৰিকাত পুনৰ ক্ষমতালৈ অহাৰ দৌৰত অৱতীৰ্ণ হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। মঙলবাৰে ক’লৰাডো ৰাজ্যৰ বৃহৎ আদালতে আমেৰিকাৰ কেপিটেল হিংসাৰ গোচৰত ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য ঘোষণা কৰে। ৰিপাব্লিকান পাৰ্টিৰ হোৱাইট হাউছৰ আগশাৰীৰ প্ৰাৰ্থী ট্ৰাম্পক ৰাজ্যখনৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাথমিক ভোটদানৰ পৰা আঁতৰাইছে আদালতে। আমেৰিকাৰ ইতিহাসত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক অযোগ্য ঘোষণাৰ এইটোৱেই প্ৰথমটো গোচৰ।
ক’লৰাডো উচ্চ ন্যায়ালয়ে ৪-৩ সংখ্যাগৰিষ্ঠতাৰ সিদ্ধান্তত কয় যে ১৪ সংশোধনীৰ ৩ নং ধাৰাত ট্ৰাম্প ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ অযোগ্য। ক’লৰাডো ৰাজ্যৰ উচ্চ ন্যায়ালয়ে এই আদেশ দি জিলা আদালতৰ সিদ্ধান্ত বাতিল কৰে। জিলা আদালতে কৈছিল যে ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ সংসদত হোৱা আক্ৰমণৰ বাবে ট্ৰাম্পে গোটটোক উচতনি দি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল যদিও ট্ৰাম্পক ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাত বাধা দিব নোৱাৰি কাৰণ সংবিধানৰ এই ধাৰাটোৱে যে ৰাষ্ট্ৰপতিৰ পদটোক সামৰি লয় সেয়া স্পষ্ট নহয়।
মন কৰিবলগীয়া যে ২০২১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ পৰাজয়ৰ পিছত ২০২১ চনৰ ৬ জানুৱাৰীত তেওঁৰ সমৰ্থকসকলে আমেৰিকাৰ কেপিটেল (আমেৰিকাৰ সংসদ) আক্ৰমণ কৰিছিল। তেওঁৰ সহস্ৰাধিক সমৰ্থকে সংসদ ভৱনত প্ৰৱেশ কৰি হিংসা আৰু লণ্ড-ভণ্ড কৰে। হিংসাত্মক ঘটনাত ৫জন লোকৰ মৃত্যু হয়। ট্ৰাম্পে সংসদ ভৱনত প্ৰৱেশ কৰি সমৰ্থকক হিংসাৰ প্ৰতি উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
