ৱাশ্বিংটন, ২৪ অক্টোবৰ (হি.স.)। শুল্ক সন্দৰ্ভত কানাডাৰ টিভিৰ নেতিবাচক বিজ্ঞাপনত তীব্ৰ আপত্তি জনাই কানাডাৰ সৈতে আৰু বাণিজ্যিক আলোচনা নৰকাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
এবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে নিজৰ ছ’চিয়েল নেটৱৰ্কত পোষ্ট কৰিছিল, আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনীতিৰ বাবে শুল্ক অতি প্ৰয়োজনীয়। ইয়াৰ ঘৃণনীয় আচৰণৰ ভিত্তিত কানাডাৰ সৈতে হোৱা সকলো বাণিজ্যিক আলোচনা বন্ধ কৰা হয়।
চলিত মাহৰ আৰম্ভণিতে কানাডাৰ অন্টাৰিঅ’ প্ৰদেশত এই বিজ্ঞাপন অভিযান আৰম্ভ কৰা হৈছিল। এই বিজ্ঞাপনটোত ১৯৮৭ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানৰ ভাষণৰ অডিঅ’ অংশ সন্নিবিষ্ট কৰা হৈছে, যিটো ভাষণ তেওঁ জাপানৰ সামগ্ৰীৰ ওপৰত কিছু শুল্ক আৰোপ কৰাৰ সময়ত দিয়া ভাষণটো দিছিল, কিন্তু উচ্চ শুল্কৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক বিপদ আৰু বাণিজ্যিক যুদ্ধৰ ভাবুকিৰ বিষয়েও সতৰ্ক কৰি দিছিল।
বৃহস্পতিবাৰে সন্ধিয়া ৰ’নাল্ড ৰেগান প্ৰেচিডেন্সিয়েল ফাউণ্ডেশ্যন এণ্ড ইনষ্টিটিউটে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে কানাডাৰ বিজ্ঞাপন অভিযানে ৰেগানৰ “নিৰ্বাচিত অডিঅ’ আৰু ভিডিঅ’” ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ ভাষণক “ভুলভাৱে উপস্থাপন” কৰিছিল।
কানাডাৰ বিজ্ঞাপন অভিযানৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে, “তেওঁলোকে কেৱল আমেৰিকাৰ উচ্চতম ন্যায়ালয় আৰু অন্যান্য আদালতৰ সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ এই কাম কৰিছিল।” উল্লেখযোগ্য যে ট্ৰাম্পৰ ব্যাপক বিশ্বব্যাপী পাৰস্পৰিক শুল্ক কংগ্ৰেছৰ জৰুৰীকালীন ক্ষমতাৰ অবৈধ ব্যৱহাৰ নেকি আৰু এতিয়ালৈকে সংগ্ৰহ কৰা কোটি কোটি ডলাৰ ঘূৰাই দিয়া উচিত নেকি সেই বিষয়ে অতি সোনকালে উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব।
চলিত মাহৰ আৰম্ভণিতে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে হোৱাইট হাউছত হোৱা বৈঠকৰ সময়ত ট্ৰাম্পে আমেৰিকা-কানাডাৰ সম্ভাৱ্য বাণিজ্যিক চুক্তিৰ বিষয়ে আশাবাদৰ সংকেত দি কয় যে দুয়োপক্ষই আলোচনাত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। জুলাই মাহত ট্ৰাম্পে কানাডাৰ পৰা আমদানি কৰা বেছিভাগ সামগ্ৰী আৰু কেঁচামালৰ ওপৰত ৩৫ শতাংশ শুল্ক আৰোপ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
