টেল আভিভ/জেৰুজালেম, ১১ নৱেম্বৰ (হি.স.)। ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে আজি (শনিবাৰে) গাজাপট্টীৰ যুদ্ধৰ ৩৬ সংখ্যক দিনত স্পষ্ট কৰি দিছে যে তেওঁলোকে উত্তৰ গাজাত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ সকলো দুৰ্গত নিয়ন্ত্ৰণ লাভ কৰিছে। এই সময়ছোৱাত বিমান আক্ৰমণ চলাই দুৰ্গসমূহত নিৰ্মিত শক্তিশালী সুৰংগসমূহ ধ্বংস কৰি তাত আত্মগোপন কৰি থকা ১৫০ জন হামাছৰ সন্ত্ৰাসবাদীক ধৰাশায়ী কৰা হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আইডিএফৰ উদ্ধৃতিৰে কোৱা হৈছে যে ৪০১ নং ব্ৰিগেডে প্ৰায় ১৫০ জন উগ্ৰপন্থীক ধৰাশায়ী কৰি উত্তৰ গাজাৰ হামাছ উগ্ৰপন্থীৰ সকলো দুৰ্গত নিয়ন্ত্ৰণ লাভ কৰিছে। গাজাত গোটেই নিশা যুদ্ধ চলি আছিল। আজি পুৱা গাজা সীমান্তৰ ইজৰাইলৰ কিবুটজত এলাৰ্ম চাইৰেন বাজিছে। আনহাতে, আমেৰিকাৰ নিউয়ৰ্কত পেলেষ্টাইন সমৰ্থকে ইজৰাইলৰ পতাকা জ্বলায়। গাজাৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ আৰব দেশসমূহে ছৌদি আৰৱৰ সৈতে আলোচনাৰ অন্তত আজি সংযুক্ত আৰব ইছলামিক সন্মিলনৰ আহ্বান জনাইছে।
আন এক প্ৰতিবেদনত কোৱা হৈছে যে ইজৰাইলৰ বাহিনীয়ে গাজাৰ সৰ্ববৃহৎ চিকিৎসালয় আল-শ্বিফাক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। ইয়াত হামাছৰ একাংশ সন্ত্ৰাসবাদী লুকাই থকাৰ সম্ভাৱনা আছে। ৰোগীৰক ঢাল হিচাপে ব্যৱহাৰ কৰি গুলীচালনা কৰি আছে। এই চিকিৎসালয়খনৰ আশে-পাশে গোটেই নিশা হামাছ আৰু ইজৰাইল বাহিনীৰ মাজত গুলীচালনা হৈছিল। গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আশ্ৰাফ আল কুদ্ৰাই আন্তঃৰাষ্ট্ৰীয় সমাজক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এক সাক্ষাৎকাৰত ইজৰাইলক গাজাত বোমা বিস্ফোৰণ বন্ধ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কৈছে যে ইয়াৰ অৰ্থ এইটো নহয় যে ফ্ৰান্সে কাৰো পক্ষ লৈছে। ফ্ৰান্স আৰম্ভণিৰে পৰাই সন্ত্ৰাসবাদ বিৰোধী হৈ আহিছে। তেওঁ হামাছক নিৰ্দ্বিধায় গৰিহণা দিয়ে। ইজৰাইলৰ নিজৰ ৰক্ষাৰ অধিকাৰ আছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰৱিন্দ
