
তেহৰাণ, ২৩ জুন (হি.স.)। ইৰাণৰ ওপৰত আমেৰিকাৰ সামৰিক আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ জনাই ইৰাণৰ সংসদে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পথ ‘হৰমুজ জলদ্বীপ’ (ষ্ট্ৰেইট অৱ হৰমুজ) বন্ধ কৰাৰ সপক্ষে ভোটদান কৰিছে। এই পদক্ষেপে বিশ্বৰ বজাৰত অস্বস্তি বৃদ্ধি কৰিছে আৰু খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনাও গভীৰ হৈছে।
অৱশ্যে এই ভোটদান বাধ্যতামূলক নহয় কাৰণ চূড়ান্ত সিদ্ধান্ত ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে গ্ৰহণ কৰিব। কিন্তু ই নিশ্চিতভাৱে ইংগিত দিয়ে যে তেহৰানে আৰু প্ৰতিশোধমূলক পদক্ষেপত নৰম স্থিতি গ্ৰহণ নকৰিব।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আমেৰিকা আৰু ইজৰাইলৰ ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণৰ পিছত সৃষ্টি হোৱা উত্তেজনাই এতিয়া প্ৰত্যক্ষভাৱে বিশ্ব শক্তি সুৰক্ষাক প্ৰত্যাহ্বান জনাইছে। সেই সন্দৰ্ভত ইৰাণৰ সংসদৰ সিদ্ধান্তই খাৰুৱা তেলৰ মূল্য তাৎক্ষণিকভাৱে ৫ ডলাৰ পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত যদি এই সাগৰীয় পথটো বন্ধ হৈ পৰে, তেন্তে তেলৰ মূল্য অনিয়ন্ত্ৰিতভাৱে বৃদ্ধিয়ে সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। এই পৰিস্থিতিয়ে বিশ্বৰ মন্দাৱস্থাৰ সৃষ্টি কৰিব পাৰে।
উল্লেখ্য যে শুকুৰবাৰৰ ভিতৰত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ইতিমধ্যে প্ৰতি বেৰেলত ৭৭ ডলাৰ হৈছেগৈ, যিটোৱে জুন মাহৰ মাজভাগৰ পৰা ১০% বৃদ্ধি দেখুৱাইছে। বিশেষজ্ঞসকলে কয় যে যেতিয়া বিশ্বৰ বজাৰসমূহ দেওবাৰে গভীৰ নিশা (ইউ কেৰ সময় অনুসৰি) খোলে, তেতিয়া ই আৰু বৃদ্ধি পাব পাৰে।
হৰমুজ জলদ্বীপ তেলৰ জীৱনৰেখা
পাৰ্চী উপসাগৰৰ পৰা ওলাই অহাৰ মূল পথ হ’ল হৰমুজ জলদ্বীপ, যাৰ মাজেৰে বিশ্বৰ মুঠ তেল ব্যৱহাৰৰ প্ৰায় ২০ শতাংশ তেল পাৰ হৈ যায়। এই জলপথটো সম্ভাৱ্য বন্ধ হোৱাৰ ফলত খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি হোৱাই নহয়, বিশ্বৰ যোগান শৃংখলতো ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
