তেহৰাণ (ইৰাণ), ০২ জানুৱাৰী (হি.স.)। ইৰাণত মুদ্ৰাস্ফীতি আৰু ইৰাণৰ মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ দেশৰ বহু ঠাইত বিয়পি পৰিছে। প্ৰতিবাদৰ পঞ্চম দিনটোত ক’মত কমেও তিনিজন লোকক গুলীয়াই হত্যা কৰা হয়। দেওবাৰে ৰাজধানী তেহৰাণৰ গ্ৰেণ্ড বজাৰত বিস্ফোৰণ ঘটা স্ফুলিংগই দেশখনক জ্বলাই তুলিছে আৰু পবিত্ৰ চহৰ ক’মকো সাঙুৰি লৈছে। পাঁচ দশকৰ পাছত প্রথমবাৰৰ বাবে খামেনেই শাসনৰ বিৰোধী শ্লোগানে মহানগৰীত প্ৰতিধ্বনিত হৈছে।
ইৰাণ ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিবাদৰ পঞ্চম দিনা ফুলদাশ্বাৰ, দাৰিউছ আনছাৰী বাখতিয়াৰভান্দ, কুহদাষ্ট, আমিৰ-হেছাম খোদৈৰিফাৰ্ড, আজনা আৰু শ্বায়ন আছাদোল্লাহীত সংঘটিত সংঘৰ্ষত কমেও চাৰিজন প্ৰতিবাদকাৰী নিহত হয়। ইৰাণৰ পবিত্ৰ চহৰ কুমলৈ বিয়পি পৰিছে অশান্তি। ক’ম ছিয়া ধৰ্মগুৰু আৰু ইছলামিক ৰিপাব্লিকৰ এক প্ৰধান দুৰ্গ। তীব্ৰ নিৰাপত্তাৰ মাজতো ইয়াত প্ৰতিবাদকাৰীসকলে নিৰ্ভয়ে আয়াতুল্লাহ আলী খামেনেইৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল কৰি তোলে। নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাত কমেও তিনিজন প্ৰতিবাদকাৰীৰ মৃত্যু হয়।
তেহৰাণ, মাছহাদ, ইছফাহান, লৰেষ্টান, খুজেস্তান আৰু সৰু চহৰত গোটেই নিশা ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থাকিল। পাঁচ দশকৰ ভিতৰত এইবাৰেই প্ৰথমবাৰৰ বাবে খামেনেইৰ শাসনৰ বিৰুদ্ধে জনসাধাৰণে বিদ্ৰোহ কৰিছে। মধ্য ইৰাণৰ কাজভিন আৰু পবিত্ৰ চহৰ কুমত প্ৰতিবাদকাৰীয়ে “এইখন শেষ যুদ্ধ” আদি শ্লোগানেৰে উত্তাল কৰি তোলে। উত্তৰ ইৰাণৰ প্ৰতিবাদকাৰীয়ে গোটেই নিশা একনায়কত্ববাদ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে।
ফক্স নিউজৰ এক প্ৰতিবেদন অনুসৰি ইৰাণৰ বিৰোধী সংগঠন নেশ্যনেল কাউন্সিল অৱ ৰেজিষ্টেন্সে জনোৱা মতে, বৃহস্পতিবাৰে পুৱাও তেহৰাণ, মাৰ্ভদাষ্ট, কেৰমানশ্বাহ, ডেলফান, আৰককে ধৰি কেইবাখনো চহৰত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ অব্যাহত আছে। বাখতিয়াৰী প্ৰদেশৰ চাহৰমহল আৰু লৰেডেগানত নিশাৰ ভিতৰতে গুলীচালনা। ৰিভল্যুচনেৰী গাৰ্ডৰ সৈতে জড়িত ফাৰ্চ নিউজ এজেন্সীৰ মতে, চৰকাৰী অট্টালিকাত শিলগুটি নিক্ষেপ কৰে ভিৰ। প্ৰতিবাদকাৰীয়ে ৰাজ্যপালৰ কাৰ্যালয়, ন্যায়পালিকা, শ্বহীদ ফাউণ্ডেশ্যন, শুকুৰবাৰৰ প্ৰাৰ্থনা কমপ্লেক্স আৰু কেইবাটাও বেংকক লক্ষ্য কৰি লয়। আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি ভিৰ ছত্ৰভংগ দিয়াৰ ফলত কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হয়। এই সংঘৰ্ষত নিহত হয় দুজন লোক।
কুৰ্দি অধিকাৰ সংগঠন হেংগাওৱে প্ৰকাশ কৰা অনুসৰি লৰেডেগানত প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে। কুহদাষ্টৰ বিষয়াসকলে জনোৱা মতে, এই সংঘৰ্ষত বাছিজৰ স্বেচ্ছাসেৱী অৰ্ধসামৰিক বাহিনীৰ এজন সদস্য নিহত হোৱাৰ লগতে ১৩জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ সংগঠন হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সীয়ে জনোৱা মতে, তেহৰাণত প্ৰতিবাদৰ সময়ত আটক কৰা ছয়গৰাকী মহিলাক ইভিন কাৰাগাৰৰ মহিলা ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
