• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইস্তানবুলত পাকিস্তান-আফগানিস্তানৰ আলোচনা সমাপ্ত, ওৰ পৰা নাই মতানৈক্য
International

ইস্তানবুলত পাকিস্তান-আফগানিস্তানৰ আলোচনা সমাপ্ত, ওৰ পৰা নাই মতানৈক্য

CliQ INDIA
Last updated: November 8, 2025 2:00 pm
CliQ INDIA
Share
4 Min Read
SHARE

ইস্তানবুল/ইছলামাবাদ/কাবুল, ০৮ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে শুকুৰবাৰে সন্ধিয়া কয় যে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আলোচনা সমাপ্ত হৈছে। পৰৱৰ্তী ৰাউণ্ড কেতিয়া আৰম্ভ হ’ব সেয়া অনিশ্চিত। আলোচনাপন্থীসকলে দুয়োপক্ষৰ মাজত গভীৰ মতানৈক্য সমাধান কৰাত ব্যৰ্থ হয়। বৃহস্পতিবাৰৰ পৰা তুৰস্কৰ ইস্তানবুলত পাকিস্তান-আফগানিস্তানৰ তৃতীয় ৰাউণ্ডৰ আলোচনা আৰম্ভ হয়। বন্ধ দুৱাৰৰ আঁৰত দুয়োপক্ষই আলোচনাত মিলিত হয়। আলোচনাপন্থীসকলে দুয়োপক্ষক শান্তি চুক্তিত উপনীত হ’বলৈ বুজাবলৈ চেষ্টা কৰিছিল যদিও একোৱেই কামত নাহিল। স্বদেশলৈ ৰাওনা হৈছে পাকিস্তানী প্ৰতিনিধি দলটো।

পাকিস্তানৰ ডন কাকতে প্ৰকাশ কৰা অনুসৰি জিঅ’ নিউজৰ এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয় যে, “এই মুহূৰ্তত আমি কথা কোৱাৰ সময়ত আলোচনাৰ অন্ত পৰিছে।” ইয়াৰ পূৰ্বে কোনো চুক্তি নোহোৱাকৈ আলোচনা স্থবিৰ হৈ পৰা বুলি বিষয়া আৰু সূত্ৰই জনাইছিল। নিৰাপত্তাৰক্ষীৰ এক জ্যেষ্ঠ সূত্ৰই সাংবাদিকৰ আগত কয় যে ইস্তানবুলত আলোচনা স্থবিৰ হৈ পৰিছে। বৃহস্পতিবাৰৰ পৰা ইস্তানবুলত আৰম্ভ হোৱা পাকিস্তান-আফগানিস্তানৰ তৃতীয় ৰাউণ্ডৰ আলোচনা দুদিনলৈ অব্যাহত ৰখাৰ পৰিকল্পনা আছিল।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে আফগান তালিবানৰ প্ৰতিনিধি দলটোৱে লিখিত চুক্তিত স্বাক্ষৰ কৰিবলৈ ইচ্ছুক নহয় বুলি উল্লেখ কৰি কেৱল মৌখিক চুক্তিৰ ওপৰত জোৰ দিয়ে। আছিফে কয় যে ইস্তানবুলৰ পৰা খালী হাতেৰে উভতি অহাটো দুখজনক। আছিফে স্পষ্ট কৰি দিয়ে যে বৰ্তমান যুদ্ধবিৰতি প্ৰযোজ্য। যদি আফগানিস্তানে ইয়াক উলংঘা কৰে তেন্তে পাকিস্তানে উপযুক্ত প্ৰত্যুত্তৰ দিব।

তেওঁ পাকিস্তানৰ মূল দাবী পুনৰবাৰ উল্লেখ কৰে: আফগান ভূমিৰ পৰা আক্ৰমণ বন্ধ কৰা। তৃতীয় ৰাউণ্ডৰ আলোচনাত পাকিস্তানৰ প্ৰতিনিধি দলটোত আন্তঃসেৱা চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল অসীম মালিকৰ নেতৃত্বত আছিল সামৰিক, চোৰাংচোৱা আৰু বৈদেশিক কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল। আফগান তালিবান পক্ষৰ নেতৃত্বত আছিল চোৰাংচোৱা সাধাৰণ সঞ্চালকালয়ৰ মুৰব্বী আব্দুল হক ৱাছেকে। তেওঁৰ সৈতে আছিল চুহেইল শ্বাহীন, আনাছ হাক্কানী, উপ-অভ্যন্তৰীণ মন্ত্ৰী ৰহমাতুল্লাহ নাজিব।

অক্টোবৰৰ আৰম্ভণিতে সীমান্ত সংঘৰ্ষৰ পিছতে এই আলোচনা আৰম্ভ হৈছিল। প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ আলোচনা দোহাত অনুষ্ঠিত হয়। ইস্তানবুলত অনুষ্ঠিত হোৱা আলোচনাৰ উদ্দেশ্য আছিল নিৰীক্ষণ ব্যৱস্থাৰ পদ্ধতিসমূহ চূড়ান্ত কৰা। ইস্তানবুলৰ পৰা পোৱা খবৰ অনুসৰি আলোচনা বিফল হোৱাৰ পিছত পাকিস্তানী প্ৰতিনিধি দলটোৱে বিমানবন্দৰলৈ ৰাওনা হয়। শুকুৰবাৰে দুয়োটা প্ৰতিনিধি দলৰ মাজত কোনো প্ৰত্যক্ষ বৈঠক হোৱা নাছিল। বৃহস্পতিবাৰে কাটাৰ আৰু তুৰ্কীৰ মধ্যস্থতাকাৰীৰ উপস্থিতিত দুয়োপক্ষৰ মুখামুখি বৈঠক অনুষ্ঠিত হয়।

পাকিস্তান বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ তাহিৰ হুছেইন আন্দ্ৰাবীয়ে ইছলামবাদত সাংবাদিকৰ আগত কয় যে তেওঁলোকৰ প্ৰতিনিধি দলে নিজৰ স্থিতি ব্যাপকভাৱে আৰু প্ৰমাণৰ সৈতে দাঙি ধৰিছে। ইফালে আফগান আলোচনাপন্থীসকলে তেওঁলোকৰ প্ৰস্তাৱ যুক্তিসংগত আৰু পাকিস্তানৰ বাবে সহজে গ্ৰহণযোগ্য বুলি দাবী কৰে। তেওঁলোকে ইছলামাবাদৰ দাবীক অবাস্তৱ আৰু আগ্ৰাসী বুলি অভিহিত কৰি কয় যে এই দাবীসমূহ অধিক জটিলতাৰ অজুহাতত পৰিণত হ’ব পাৰে।

আফগানিস্তানৰ টুলুৱা নিউজত প্ৰকাশিত এক বাতৰি অনুসৰি আলোচনাৰ প্ৰথম দিনাই দুয়োপক্ষই নিজৰ দাবী তুৰ্কী আৰু কাটাৰৰ মধ্যস্থতাকাৰীৰ সৈতে ভাগ-বতৰা কৰে। সূত্ৰ অনুসৰি পাকিস্তানে তৃতীয় ৰাউণ্ডৰ আলোচনাত পুনৰবাৰ এনে দাবী উত্থাপন কৰিলে যিবোৰৰ আফগানিস্তানৰ সৈতে কোনো প্ৰাসংগিকতা নাই বুলি তেওঁলোকে বিশ্বাস কৰে।

পাকিস্তানৰ অন্যতম উল্লেখিত দাবী হৈছে টিটিপি (তেহৰিক-ই-তালিবান পাকিস্তান)ৰ সদস্যসকলক পাকিস্তানৰ পৰা আফগানিস্তানলৈ স্থানান্তৰিত কৰা। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আফগানিস্তানৰ ইছলামিক আমিৰাটে পাকিস্তানে নিজৰ মাটি আৰু আকাশমাৰ্গক অন্য দেশ বা আফগানিস্তানৰ বিৰুদ্ধে অভিযান চলাবলৈ ব্যৱহাৰ নকৰিবলৈ দাবী জনাইছে। ৰাজনৈতিক বিশ্লেষক আজিজ মাৰেজে এই মন্তব্য পৰস্পৰ বিৰোধী বুলি কয়। টিটিপি আচলতে পাকিস্তানৰ আভ্যন্তৰীণ বিষয়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

আফগানিস্তানত ২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি, তীব্ৰতা আছিল ৪.৬
সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা দেউৱাৰ শেষবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত
বাংলাদেশৰ শ্বহীদ ভাষা বীৰসকললৈ শ্ৰদ্ধাঞ্জলি
বাংলাদেশত শ্বেখ হাছিনাৰ বেংকৰ লকাৰত তালাচী, ৯.৭০৪ কিলোগ্ৰাম সোণৰ গহণা উদ্ধাৰ
ভাৰত আৰু বটছৱানাই ন্যায্য আৰু বহনক্ষম বিশ্বব্যৱস্থা গঢ়ি তুলিব পাৰেঃ ৰাষ্ট্ৰপতি মুৰ্মু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বোকাজানত অবৈধ বিলাতী সুৰা জব্দ
Next Article প্ৰধানমন্ত্ৰী মোদীয়ে আজি উদ্বোধন কৰিব আইনী সাহায্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?