টেল আভিভ, ২০ নৱেম্বৰ (হি.স.)। পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ আক্ৰমণৰ পিছত সংঘটিত হোৱা সংঘাতৰ সময়ত ইজৰাইলে কৰা আশংকা অৱশেষত সঁচা হৈ পৰিল। হামাছৰ ঘাটি ভূপাতিত কৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক ধৰাশায়ী কৰি গাজাপট্টী ঘেৰি ধৰা ইজৰাইলৰ সেনাই ইয়াৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় আল শ্বিফাৰ চৌহদত হামাছৰ এটা ডাঙৰ সুৰংগ উন্মোচন কৰিছে।
এই চিকিৎসালয়খন ঘেৰি ধৰাৰ পিছত চৌদিশৰ পৰা সমালোচনাৰ সন্মুখীন হোৱা ইজৰাইল সেনাৰ এই সাহসী অভিযানৰ ওপৰত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে নিজৰ ৱেবছাইটত এক বিবৃতি, ভিডিঅ’ আৰু কিছু ফটো প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ ইনটেলিজেন্স এণ্ড স্পেচিয়েল অপাৰেচন (সামৰিক চোৰাংচোৱা) আৰু শ্বিন বেট (আভ্যন্তৰীণ নিৰাপত্তা)ৰ তথ্যৰ ভিত্তিত জোৱানসকলে শ্বিফা হাস্পতাল কমপ্লেক্সৰ তলত ১০ মিটাৰ দ, ৫৫ মিটাৰ দীঘল হামাছৰ সন্ত্ৰাসবাদী সুৰংগ আৱিষ্কাৰ কৰে। এইটো এটা জখলাৰ দৰে সুৰংগ। ইয়াৰ দুৱাৰখন বুলেট প্ৰুফ। গুলীচালনাৰ ফুটাৰ উপৰিও ইয়াত বিভিন্ন প্ৰতিৰক্ষা সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
আইডিএফৰ বিবৃতি অনুসৰি হামাছৰ সন্ত্ৰাসবাদীয়ে ইয়াৰ পৰাই ইজৰাইল বাহিনীক আক্ৰমণ কৰে। কমাণ্ড চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি আছিল। এই সুৰংগটো চিকিৎসালয় চৌহদৰ এটা চেডৰ তলত উদ্ধাৰ কৰা হৈছে। ইয়াত এখন বাহন এনেদৰে ৰখাই থোৱা আছিল যে কাৰো চকুত নপৰে। এই সুৰংগটোত অস্ত্ৰ-শস্ত্ৰ মজুত কৰি থোৱা পোৱা গৈছে। এই চিকিৎসালয়খনৰ চৌহদত হামাছৰ অধিক সুৰংগ থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
