ৱাশ্বিংটন, ০৪ আগষ্ট (হি.স.)। আমেৰিকা আৰু ইজৰাইলে যুদ্ধৰ অন্ত পেলোৱাৰ অৰ্থে এক ব্যাপক চুক্তিৰ বাবে হামাছক কঠোৰ সতৰ্কবাণী দিব বুলি ইংগিত দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প প্ৰশাসনৰ মধ্যপ্ৰাচ্যৰ দূত ষ্টিভ উইটকফে সপ্তাহৰ শেষৰ ফালে পণবন্দীসকলৰ পৰিয়ালৰ সৈতে হোৱা বৈঠকত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে যদি সন্ত্ৰাসবাদী সংগঠন হামাছ ইয়াৰ বাবে সাজু নহয়, তেন্তে ইজৰাইলে ইয়াৰ বিৰুদ্ধে সামৰিক অভিযান আৰু অধিক তীব্ৰতৰ কৰিব।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি ট্ৰাম্প প্ৰশাসনৰ মধ্যপ্ৰাচ্যৰ দূত ষ্টিভ উইটকফৰ পণবন্দীসকলৰ পৰিয়ালৰ সৈতে হোৱা বৈঠকৰ অডিঅ’ ৰেকৰ্ডিঙে স্পষ্টভাৱে ইংগিত দিয়ে যে এইবাৰ আমেৰিকা আৰু ইজৰাইলে যেন কৰিম বা মৰিমৰ দিশত আগবাঢ়িছে। গাজাত যুদ্ধবিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিৰ ওপৰত কেইবামাহো ধৰি চলি থকা আলোচনাৰ অচলাৱস্থাৰ মাজতে আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে এক ব্যাপক চুক্তিৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ইংগিত দিছে।
ষ্টিভ উইটকফে কয়, আমি বিশ্বাস কৰোঁ যে সকলোৱে (পণবন্দী) ঘৰলৈ উভতি যাব। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে এনে এখন চুক্তিৰ ওপৰত কাম কৰি আছে যিয়ে হামাছক বাকী পণবন্দীসকলক মুকলি কৰি দিবলৈ সকীয়াই দিব আৰু এনে চৰ্তত সন্মতি দিব যিয়ে গোটটোক নিৰস্ত্ৰ কৰি তুলিব, অন্যথা ইজৰাইলৰ সামৰিক অভিযান অধিক দ্ৰুতগতিত আৰম্ভ হ’ব।
দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি হামাছৰ বিষয়া মাহমুদ মাৰ্দাৱীয়ে কয় যে গোটটোৱে এতিয়াও কোনো ব্যাপক চুক্তিৰ বাবে কোনো প্ৰস্তাৱ লাভ কৰা নাই। হামাছে নীতিগতভাৱে এই চুক্তিক সমৰ্থন কৰিব, কিন্তু নিৰস্ত্ৰকৰণ কেতিয়াও মানি নলয়। আমেৰিকা আৰু ইজৰাইলৰ এই কৌশল এনে এটা সময়ত আহিছে যেতিয়া গাজাত অনাহাৰক লৈ ইজৰাইল চৰকাৰে বিশ্বব্যাপী সমালোচনাৰ সন্মুখীন হৈছে আৰু এতিয়াও তাত ৰখা পণবন্দীসকলক মুকলি কৰি দিয়াটো নিশ্চিত কৰাৰ বাবে ঘৰুৱা হেঁচা বৃদ্ধি পাইছে।
শুকুৰবাৰে হামাছে এটা ভিডিঅ’ মুকলি কৰে। ইয়াত এৱ্যতাৰ ডেভিদক দেখা গৈছে। ইজৰাইলে বিশ্বাস কৰা ২০ জন পণবন্দীসকলৰ ভিতৰত তেওঁ অন্যতম। ডেভিদক ভূগৰ্ভস্থ সুৰংগৰ দৰে ঠাইত সংকটজনক অৱস্থাত দেখুওৱা হৈছে। এই ভিডিঅ’টোৱে ইজৰাইল আৰু আমেৰিকাৰ পণবন্দীসকলৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
