মস্কো (ৰাছিয়া), ১৫ ছেপ্টেম্বৰ (হি.স.)। ৰাছিয়াৰ আগ্ৰাসনৰ জুইত জ্বলি থকা ইউক্ৰেইনে যোৱা ৪৮ ঘণ্টাত প্ৰতিপক্ষক ব্য়াপক ক্ষতিগ্ৰস্ত কৰাৰ বাবে যথেষ্ট প্ৰচেষ্টা চলাইছে। ৰাছিয়াৰ বিষয়াসকলৰ মতে, শনিবাৰে সন্ধিয়াৰ পৰা দেওবাৰে পুৱা সূৰ্য্য উদয়ৰ আগলৈকে ইউক্ৰেইনে কমেও ৩৬১খন ড্ৰ’ন নিক্ষেপ কৰে। এই সময়তে এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় আৰু উত্তৰ-পশ্চিমত অৱস্থিত বিশাল কিৰিছি তেল শোধনাগাৰত অগ্নিকাণ্ড সংঘটিত হয়।
দ্য মস্কো টাইমছ আৰু টাছত প্ৰকাশিত বাতৰিত এই ঘটনাৰ কথা উল্লেখ কৰি কোৱা হৈছে যে নাটোৰ সদস্য পোলেণ্ডত ৰাছিয়াৰ ড্ৰ’ন ভূপাতিত কৰাৰ কিছু সময়ৰ পিছতে ইউক্ৰেইনে বিশ্বৰ দ্বিতীয় বৃহত্তম তেল ৰপ্তানিকাৰক ৰাছিয়াৰ তেল শোধনাগাৰ আৰু পাইপলাইন আক্ৰমণ কৰে। অৱশ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কমেও ৩৬১ খন ড্ৰ’ন ভূপাতিত কৰে। খবৰ অনুসৰি দেওবাৰে পুৱা পশ্চিম লেনিনগ্ৰাড অঞ্চলৰ বিভিন্ন ঠাইত দুখন ৰে’ল লাইনচ্য়ুত হয়। দুৰ্ঘটনাত এজন ৰে’ল চালক নিহত হোৱাৰ লগতে ৰে’ল যাতায়ত ব্যাহত হয়।
শনিবাৰে গভীৰ নিশা পশ্চিম অৰিঅ’লৰ ৰে’লপথৰ এটা অংশত বিস্ফোৰক বিস্ফোৰণৰ কেইঘণ্টামান পিছতে সংঘটিত হয় দুয়োটা কাণ্ড। এই বিস্ফোৰণত ৰাছিয়াৰ নেচনেল গাৰ্ডৰ তিনিজন বিষয়া নিহত হয়। ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা সংস্থাৰ এক সূত্ৰই ইয়াৰে দুটা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে যদিও চালকজনৰ মৃত্যু হোৱা ঘটনাৰ দায়িত্ব গ্ৰহণ কৰা নাই ।
কিয়েভে কয় যে এই ৰে’লপথসমূহ লক্ষ্য কৰি লোৱা হৈছিল কাৰণ মস্কোৱে ইউক্ৰেইনত যুঁজি থকা নিজৰ বাহিনীৰ বাবে সৈন্য আৰু ইন্ধন পৰিবহণৰ বাবে ব্যৱহাৰ কৰে। টেলিগ্ৰামত গৱৰ্ণৰ আলেকজেণ্ডাৰ ড্ৰ’জডেংকোৱে লিখিছে যে, লেনিনগ্ৰাডৰ গাচিনা জিলাৰ চেমেৰিনো ষ্টেচনৰ সমীপত এখন ডিজেল ইঞ্জিন ৰে’লপথৰ পৰা ওলাই যায়। ইয়াৰ চালক নিহত হয়। ড্ৰ’জডেংকোৱে কয় যে ১৫টা দবা থকা এখন মালবাহী ৰে’লো দিনটোৰ পূৰ্বে দক্ষিণ দিশৰ ষ্ট্ৰগানোভ’ আৰু মাশ্বিনস্কি গাঁৱৰ মাজত লাইনচ্য়ুত হয়।
টাছৰ তথ্য অনুসৰি ইউক্ৰেইনৰ সেনাই ২৪ ঘন্টাত বিশেষ সামৰিক অভিযান জ’নত প্ৰায় ১৩৩০ জন সেনা জোৱান হেৰুৱাইছে। বিশেষকৈ বেটলগ্ৰুপ নৰ্থৰ অঞ্চলত ১৭০ জন সৈনিক, বেটলগ্ৰুপ ৱেষ্টৰ অঞ্চলত ২৪০ জনতকৈ অধিক সৈনিক, বেটলগ্ৰুপ চাউথৰ অঞ্চলত ২০০ জন জোৱান, বেটলগ্ৰুপ চেণ্টাৰ এলেকাত ৪৫০ জন সৈনিক, বেটলগ্ৰুপ ইষ্ট এলেকাত ২২৫ জনতকৈ অধিক সৈনিক আৰু অধিক বেটলগ্ৰুপ ডনেপেৰ এলেকাচ ৪৫ জন ইউক্ৰেইনৰ সৈন্যৰ প্ৰাণহানি হয়।
মন্ত্ৰালয়ে জনোৱা মতে, ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ অপাৰেচনেল-টেকটিকেল এভিয়েশন, কম্বেট ইউএভি, মিছাইল সৈন্য আৰু আৰ্টিলাৰীয়ে ইউক্ৰেইনৰ সেনাৰ ইউএভি অপাৰেটৰৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু ইউক্ৰেইনৰ সেনাবাহিনীৰ অস্থায়ী নিয়োগ স্থানত আক্ৰমণ চলায়। প্ৰতিবেদনত কোৱা হৈছে যে ইউক্ৰেইনৰ ১৪২খন জিলাক লক্ষ্য কৰি লোৱা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
