কিয়েভ, ১৮ নৱেম্বৰ (হি.স.)। দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰ আৰু ইয়াৰ আশে-পাশে বিভিন্ন স্থানত ৰাছিয়াৰ গোলাবৰ্ষণত দুজন লোক নিহত হোৱাৰ লগতে কমেও ১২ জন আহত হয়। এই তথ্য স্থানীয় বিষয়াৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত দিয়া হৈছে।
আঞ্চলিক গৱৰ্ণৰ অলেকজেণ্ডাৰ প্ৰকুডিনৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে খেৰচনৰ হোৱা গোলাবৰ্ষণত নিজৰ এপাৰ্টমেণ্টত এগৰাকী ৭৫ বছৰীয়া মহিলাও নিহত হৈছে। খেৰছান অঞ্চলটোৰ সৰ্ববৃহৎ চহৰ। ড্নিপ্ৰ’ নদীৰ পূব দিশৰ পৰা ৰাছিয়াৰ বাহিনীয়ে গোলাবৰ্ষণ কৰে। এই আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১২ জন আহত হয়। অলেকজেণ্ডাৰে কয় যে এই আক্ৰমণত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস হৈছে। বিলোজেৰকা আৰু ইয়াৰ আশে-পাশে থকা গাঁৱত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ
