কিয়েভ, ১৩ আগষ্ট (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে তেওঁ ৰাছিয়াৰ প্ৰস্তাৱ নাকচ কৰিব, য’ত ইউক্ৰেইনক পূব ডনবাছ অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হৈছে। জেলেনস্কিয়ে কয় যে এনে কৰিলে ইউক্ৰেইনে নিজৰ শক্তিশালী প্ৰতিৰক্ষা ৰেখা হেৰুৱাব আৰু ৰাছিয়াই অধিক আক্ৰমণাত্মক অভিযানৰ বাবে মুকলি পথ পাব।
ৰাষ্ট্ৰপতিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ভূখণ্ডৰ বিষয়সমূহৰ ওপৰত আলোচনা তেতিয়াহে হ’ব পাৰে যেতিয়া ৰাছিয়াই যুদ্ধবিৰতি আৰু ইউক্ৰেইনৰ বাবে সুনিৰ্দিষ্ট নিৰাপত্তাৰ নিশ্চয়তা সেই আলোচনাৰ অংশ হ’ব। তেওঁ জোৰ দি কয় যে ইউক্ৰেইনৰ সৈতে জড়িত যিকোনো আলোচনাত ইউক্ৰেইনৰ অংশগ্ৰহণ বাধ্যতামূলক।
জেলেনস্কিৰ মতে, ৰাছিয়াৰ বৰ্তমানৰ প্ৰস্তাৱ হ’ল ইউক্ৰেইনৰ অন্যান্য অঞ্চলত সামৰিক অগ্ৰগতি বন্ধ কৰিব, যদিহে কিয়েভে ডনবাছ অঞ্চলৰ পৰা নিজৰ বাহিনী প্ৰত্যাহাৰ কৰে। ডনবাছৰ ভিতৰত আছে ডনেস্ক আৰু লুহানস্ক অঞ্চল, য’ত ২০২২ চনৰ পৰা যুদ্ধ চলি আহিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইউক্ৰেইনে বৰ্তমান ডনেস্ক অঞ্চলৰ প্ৰায় ৩০ শতাংশ অৰ্থাৎ প্ৰায় ৯ হাজাৰ বৰ্গ কিলোমিটাৰ মাটি নিয়ন্ত্ৰণত ৰাখিছে। এই অঞ্চলত ইউক্ৰেইনৰ বাহিনীয়ে শক্তিশালী দুৰ্গ আৰু কৌশলগত উচ্চতাত নিয়ন্ত্ৰণ স্থাপন কৰিছে, যিবোৰ প্ৰতিৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।
তেওঁ সকীয়াই দিয়ে যে যদি ইউক্ৰেইনে ডনবাছৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰে তেন্তে ৰাছিয়াই জাপ’ৰিজিয়া আৰু ড্নিপ্ৰ’ অঞ্চললৈ পোনপটীয়া পথ লাভ কৰিব। ইয়াৰ ফলত খাৰকিভৰ প্ৰতিও ভাবুকি বৃদ্ধি পাব।
জেলেনস্কিয়ে কয় যে টেৰিটৰিয়েল বিষয়সমূহক নিৰাপত্তাৰ নিশ্চয়তাৰ পৰা পৃথক কৰিব নোৱাৰি। তেওঁৰ বিবৃতিত ইউক্ৰেইনৰ নীতি পুনৰবাৰ উল্লেখ কৰা হৈছে যে কোনো চুক্তিয়ে ইয়াৰ সাৰ্বভৌমত্ব আৰু প্ৰতিৰক্ষা ক্ষমতাৰ সৈতে আপোচ কৰিব নোৱাৰে।
মন কৰিবলগীয়া যে আগন্তুক শুকুৰবাৰে আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত শীৰ্ষ সন্মিলনৰ প্ৰস্তাৱ লোৱাৰ সময়ত জেলেনস্কিৰ এই বক্তব্য প্ৰকাশ পাইছে। শেহতীয়াকৈ ট্ৰাম্পে ইংগিত দিছিল যে সম্ভাৱ্য শান্তি চুক্তিত ভূখণ্ডৰ বিনিময়ও অন্তৰ্ভুক্ত হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
