ইছলামাবাদ, ০৯ জুলাই (হি.স.)। খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বাজাউৰ জিলাত মঙলবাৰে আফগানিস্তানৰ কুনাৰ প্ৰদেশৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা আঠটা সন্ত্ৰাসবাদীক পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে নিহত কৰে। ফিটনা আল খাৱাৰিজ সংগঠনৰ লগত জড়িত বুলি কোৱা হয়।
ডন কাকতৰ খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে প্ৰথমে সন্ত্ৰাসবাদীক প্ৰত্যাহ্বান জনায়। তেওঁলোকৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰা দেখি নিৰাপত্তা বাহিনীয়ে লভি মামুণ্ড তহচিলৰ সমীপত আঠজনক হত্যা কৰে। লভি মামুণ্ড তহচিল পাহাৰীয়া আৰু জনজাতীয় অঞ্চল। চোৰাংচোৱা তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এই ব্যৱস্থা গ্ৰহণ কৰে। এই কাৰ্য সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই সেনাৰ মিডিয়া শাখা আন্তঃসেৱা জনসংযোগৰ তৰফৰ পৰা।
স্থানীয় ৰাইজে নিশ্চিত কৰিছে যে অঞ্চলটোত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছে। গাঁওবাসীৰ মতে, নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাঘণ্টা ধৰি চলি থকা সংঘৰ্ষত এটা শিশু আহত হয়। তেওঁক আব্দুল ৰাউফৰ পুত্ৰ মহম্মদ খান বুলি চিনাক্ত কৰা হৈছে। প্ৰথমে তেওঁক লাৰখোলোজো হাস্পতাললৈ লৈ যোৱা হয় আৰু পিছত জিলা সদৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
উল্লেখযোগ্য যে যোৱা ২ জুলাইত বজাউৰ জিলাৰ খাৰ তহচিলৰ ছাদিকাবাদ অঞ্চলত সন্ত্ৰাসবাদীয়ে চৰকাৰী বাহনত বোমা বিস্ফোৰণ কৰিছিল। ইয়াৰ ভিতৰত নৱাগাইৰ সহকাৰী আয়ুক্ত ফৈছাল ইছমাইল আৰু তহচিলদাৰ আব্দুল ৱাকিল খানকে ধৰি ৫জন লোক নিহত হোৱাৰ লগতে চাৰিজন আৰক্ষীকে ধৰি ১৭জন লোক আহত হয়।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
