– একেটা গোচৰতে হাছিনাৰ ভতিজী ব্ৰিটিছ সাংসদ টিউলিপক দুবছৰৰ কাৰাদণ্ড
ঢাকা, ০১ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ এখন আদালতে আজি পূৰ্বাঞ্চল নিউ টাউন প্ৰজেক্ট (ৰাজুক)ত প্লট আবণ্টনৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ব্ৰিটিছ সাংসদ টিউলিপ ছিদ্দিকীক দুবছৰৰ কাৰাদণ্ড, পদচ্যুত কৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পাঁচ বছৰৰ কাৰাদণ্ড আৰু তেওঁৰ ভগ্নী শ্বেখ ৰেহানাক সাত বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পদচ্যুত প্ৰধানমন্ত্ৰী হাছিনাৰ ভতিজী হৈছে টিউলিপ। পুৱা ১১ বজাত কটকটীয়া নিৰাপত্তাৰ মাজতে ঢাকাৰ বিশেষ ন্যায়াধীশ আদালত-৪ৰ ন্যায়াধীশ মহম্মদ ৰবিউল আলমে ৰায়দান কৰে।
প্ৰথম আলো কাকতৰ ৱেবছাইটত প্ৰকাশিত এক বাতৰি অনুসৰি, কাৰাদণ্ডৰ উপৰিও টিউলিপ ছিদ্দিকীক এক লাখ টকা জৰিমনা বিহাৰ লগতে জৰিমনা পৰিশোধ কৰিব নোৱাৰিলে অতিৰিক্ত ছমাহৰ কাৰাদণ্ড বিহা হয়। এই ৰায়ত শ্বেখ ৰেহানাকো এক লাখ টকা জৰিমনা বিহা হয়। এই গোচৰৰ বাকী ১৪জন অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড বিহা হয়। ১৩ জানুৱাৰীত দুৰ্নীতি নিবাৰক আয়োগে আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি অভ্যুত্থানৰ পিছৰে পৰা ৭৮ বছৰীয়া হাছিনা ভাৰতত আছে। শ্বেখ হাছিনা, ভগ্নী ৰেহানা, টিউলিপৰ অনুপস্থিতিত আদালতে ৰায়দান কৰে। শাস্তিপ্ৰাপ্ত আনসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী আৰু বিষয়াসকল। তেওঁলোক হ’ল- শ্বৰীফ আহমেদ, কাজা ৱাছি উদ্দিন, মহম্মদ অলিউল্লাহ, ছাইফুল ইছলাম সৰকাৰ, পূৰবী গোল্ডাৰ, অনিছুৰ ৰহমান মিয়া, মহম্মদ খুৰশ্বিদ আলম, তনময় দাস, মহম্মদ নাছিৰ উদ্দিন, ছামছুদ্দিন আহমেদ চৌধুৰী, নুৰুল ইছলাম, নায়াবলী শ্বৰীফ, মাজহাৰুল ইছলাম, আৰু মহম্মদ চালাহুদ্দিন।
ন্যায়াধীশ আলমে ২৫ নৱেম্বৰত ৰায়দানৰ বাবে ১ ডিচেম্বৰৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও ঢাকাৰ আদালতে হাছিনাক একেধৰণৰ গোচৰত ২১ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। যোৱা মাহত নৱেম্বৰ মাহত বাংলাদেশ ফৌজদাৰী ন্যায়াধিকৰণ-১ য়ে ছাত্ৰ বিদ্ৰোহৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অপৰাধত শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
