কুৱালালামপুৰ, ২৬ অক্টোবৰ (হি.স.)। মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত আজিৰ পৰা আৰম্ভ হৈছে দুদিনীয়া আছিয়ান সন্মিলন। এই সন্মিলনত ভাৰ্চুৱেলি যোগদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিছে। এই সন্মিলনত অংশগ্ৰহণৰ বাবে মালয়েছিয়াত উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
আজি কুৱালালামপুৰত আৰম্ভ হ’বলগীয়া দুদিনীয়া আছিয়ান সন্মিলনৰ বিষয়বস্তু হৈছে “অন্তৰ্ভুক্তি আৰু বহনক্ষমতা”। আছিয়ান হৈছে দক্ষিণ-পূব এছিয়াৰ দহখন দেশৰ মঞ্চ, য’ত বাণিজ্য, নিৰাপত্তা, শিক্ষা, সংস্কৃতি আদি বিষয়ৰ ওপৰত আলোচনা হ’ব।
এই সন্মিলনত ভাৰ্চুৱেলি যোগদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে কথা পাতি স্পষ্ট কৰি দিয়ে যে তেওঁ ৪৭ সংখ্যক আছিয়ান সন্মিলনৰ বাবে কুৱালালামপুৰলৈ নাযায়, বৰঞ্চ ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰিব। এই তথ্য তেওঁ নিজেই এক্স-ৰে পোষ্ট কৰি শ্বেয়াৰ কৰিছিল।
এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পেও অংশগ্ৰহণ কৰিছে, য’ত তেওঁ মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ থাইলেণ্ড-কম্বোডিয়া সীমান্ত বিবাদৰ শান্তি চুক্তি চূড়ান্ত কৰিব। ২০১৭ চনৰ পিছত আছিয়ান সন্মিলনত ট্ৰাম্পে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে।
हिन्दुस्थान समाचार
