লণ্ডন, ১৯ ছেপ্টেম্বৰ (হি.স.)। ব্ৰিটেইন ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটক সম্পৰ্কে চৰ্চা কৰিব। এই টেলিফোনিক কথা-বতৰা ৱাশ্বিংটনৰ সময় অনুসৰি পুৱা ৯ বজাত হ’ব। অব্যাহত থকা শুল্ক উত্তেজনাৰ মাজতে চলিত বৰ্ষৰ জুন মাহৰ পিছত এইটোৱেই হ’ব দুয়োগৰাকী নেতাৰ মাজত প্ৰথম টেলিফোনিক বাৰ্তালাপ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে যৌথ সংবাদমেলত ট্ৰাম্পে কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিকটকত দুয়োপক্ষই চুক্তিৰ অতি ওচৰ চাপিছে। তেওঁ কয় যে তেওঁ টিকটক ভাল পায়। যোৱা নিৰ্বাচনী প্ৰচাৰত টিকটকৰ ভূমিকাক স্বীকাৰ কৰি তেওঁ কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত টিকটক জয়ী হোৱাত সহায় কৰিছিল। এই এপটোৱে তেওঁক যুৱ ভোটাৰৰ মাজত প্ৰচণ্ড সফলতা কঢ়িয়াই আনিছিল। টিকটক সন্দৰ্ভত কিবা এটা চূড়ান্ত কৰিবলৈ ৰাষ্ট্ৰপতি ছিৰ সৈতে কথা পাতিব বুলিও তেওঁ কয়।
ইয়াৰ পূৰ্বে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে শুকুৰবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ছি জিনপিঙে এই চুক্তিৰ বিষয়ে চৰ্চা কৰিব। এই চুক্তিৰ বাবে আমেৰিকাৰ পৰিকল্পনা আছে বুলিও তেওঁ ব্যক্ত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
