ধুবুৰী, ২০ ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ পানবাৰীত যোৱাকালি নিশা বনৰীয়া হাতীয়ে উপদ্ৰপ চলায়। পানবাৰীৰ এখনি পেট্ৰল পাম্পত আহি উপস্থিত হয় গজৰাজ। ইফালে হাতী দেখি চৌদিশে হুৱাদুৱাৰ সৃষ্টি হয়।
জুই লগাই হাতীক খেদোৱাৰ চেষ্টা স্তানীয় ৰাইজ আৰু পেট্ৰল পাম্পৰ কৰ্মচাৰী সকলে। একেদৰে পৰ্বতঝোৰা বন সংমণ্ডলৰ বন কৰ্মী সকলেও বনৰীয়া হাতীটো খেদাত সহযোগ কৰে।
