ৱাশ্বিংটন, ২৮ জানুৱাৰী : আমেৰিকাকে ধৰি বহু দেশে পেলেষ্টাইনত শৰণাৰ্থীৰ বাবে কাম কৰা ৰাষ্ট্ৰসংঘৰ সাহায্য কৰ্ম সংস্থা (ইউএনআৰডব্লিউএ)ক ধন (আৰ্থিক সাহায্য) দিয়া বন্ধ কৰি দিছে। দৰাচলতে ইজৰাইলে দাবী কৰিছে যে যোৱা বছৰৰ ৭ অক্টোবৰত দেশখনত সংঘটিত হোৱা আক্ৰমণত এই ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ ১২ জন কৰ্মচাৰীয়ে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছক সহায় কৰিছিল।
দি নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি জাৰ্মানী, ব্ৰিটেইন আৰু আন কমেও চাৰিখন দেশে শনিবাৰে কয় যে তেওঁলোকে গাজা ষ্ট্ৰিপত পেলেষ্টাইনী সাধাৰণ নাগৰিকক খাদ্য, পানী আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰা ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ বাবে ধন আগবঢ়োৱাতো বন্ধ কৰিবলৈ আঘবাঢ়িছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে আমেৰিকাইও একেধৰণৰ ঘোষণা কৰিছিল।
এই প্ৰতিবেদন অনুসৰি ইজৰাইলৰ অভিযোগৰ পিছত ৰাষ্ট্ৰসংঘই এই ১২ জন ইউএনআৰডব্লিউএ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে যদিও তেওঁলোকৰ সবিশেষ ৰাজহুৱা কৰা নাই। ৰাষ্ট্ৰসংঘৰ এজন জ্যেষ্ঠ বিষয়াই ইজৰাইলৰ অভিযোগক “অতি গুৰুতৰ আৰু ভয়ংকৰ” বুলি অভিহিত কৰে।
উল্লেখযোগ্য যে ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাহায্য কৰ্ম সংস্থা গঠন কৰা হৈছিল। ইজৰাইলৰ শেহতীয়া অভিযোগৰ পিছত আমেৰিকা, ব্ৰিটেইন, নেদাৰলেণ্ড, চুইজাৰলেণ্ড, ফিনলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া, জাৰ্মানী আৰু ইটালীয়ে এই সংস্থাটোক দিয়া আৰ্থিক সাহায্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে কয় যে ৭ অক্টোবৰত ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে ১২জন এজেন্সীৰ কৰ্মচাৰী জড়িত হ’ব পাৰে বুলি অভিযোগ উত্থাপন কৰি আমেৰিকা গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে।
