ঢাকা, ০৫ ফেব্ৰুৱাৰী: বাংলাদেশৰ বন্দৰবনৰ ঘুমদাম সীমান্তত ম্যানমাৰৰ পৰা নিক্ষেপ কৰা বুলি অভিযোগ উত্থাপন হোৱা মৰ্টাৰ শ্বেলত কমেও দুজন লোকৰ মৃত্যু হৈছে। সোমবাৰে দুপৰীয়া ২:৩০ মান বজাত নাইখোংচাৰী উপজিলাৰ এটা নিৰ্মীয়মান গৃহৰ ওপৰত গোলা পৰেগৈ।
নাইখোংচাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল মান্নানে নিশ্চিত কৰিছে হতাহতৰ সংখ্যা। ঘটনাৰ লগে লগে ৰেপিড একচন বেটেলিয়নৰ সদস্য আৰু আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। নিহত লোকজনৰ নাম হোছানেৰা বেগম (৫০) আৰু এগৰাকী ৰোহিংগীয়া শ্ৰমিক। এই শ্ৰমিকসকলে এই নিৰ্মিত ঘৰটোৰ কাম কৰি আছিল। দুয়োটা মৃতদেহ কক্স বজাৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
