ৱাশ্বিংটন, ১৭ মাৰ্চ। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰক্তপাতৰ ভাবুকি দিছে। ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচিত নহ’লে দেশত ৰক্তপাত হ’ব বুলি মন্তব্য কৰিছে।
অহাইঅ’ৰ ওচৰত ৰিপাব্লিকান পাৰ্টিৰ নিৰ্বাচনী সভাত ভাষণ দি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এইবাৰ নিৰ্বাচনৰ তাৰিখ আমেৰিকাৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব। তেওঁ কয় যে ৫ নৱেম্বৰৰ তাৰিখটো নোট ডাউন কৰক। ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যদি তেওঁ জয়ী নহয় তেন্তে আমেৰিকাত ৰক্তপাত হ’ব। যোৱাবাৰতকৈ পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে। দেশক মোৰ প্ৰয়োজন। জয়ী নহ’লে ৰক্তস্নান হ’ব।
উল্লেখযোগ্য যে ২০২১ চনৰ ০৬ জানুৱাৰীত সংঘটিত হোৱা কেপিটেল হিল হিংসাত্মক গোচৰত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ চলি আছে। কেইঘণ্টামানৰ বাবে কাৰাগাৰলৈ গৈছিল ট্ৰাম্প। বৰ্তমান জামিনত আছে। আচলতে ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট নেতা জো বাইডেনৰ হাতত পৰাস্ত হৈছিল ট্ৰাম্প। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ফলাফল বাতিল কৰাৰ অভিযোগ উত্থাপন হৈছিল। এনে পৰিস্থিতিত তেওঁৰ শেহতীয়া ভাবুকিৰ বাবেই প্ৰশ্ন উত্থাপন হৈছে।
