বেইজিং, ২৮ ফেব্ৰুৱাৰী : চীনৰ চৰকাৰী বাতৰি কাকত গ্ল’বেল টাইমছে দাবী কৰিছে যে দেশৰ বিজ্ঞানীসকলে উত্তৰ-পশ্চিম চীনৰ কিংহাই প্ৰদেশত বিশ্বৰ প্ৰথমটো তিব্বতী ভেড়াৰ সফলতাৰে ক্ল’ন কৰিছে। ইয়াৰ ফলত প্ৰজাতিটোৰ প্ৰজনন ক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
গ্ল’বেল টাইমছৰ প্ৰতিবেদন অনুসৰি নৰ্থৱেষ্ট এ এণ্ড এফ ইউনিভাৰ্চিটি আৰু কিংহাইৰ ৰাজধানী জিনিঙৰ চেণ্টাৰ ফৰ এনিমেল ডিজিজ প্ৰিভেনচন এণ্ড কণ্ট্ৰ’লৰ গৱেষণা দলটোৱে যৌথভাৱে এই অগ্ৰগতি লাভ কৰিছে। ইয়াত দেহ কোষ ক্ল’নিং কৌশল গ্ৰহণ কৰা হৈছিল। যোৱা মাহত দক্ষিণ-পশ্চিম চীনৰ জিজাং স্বায়ত্তশাসিত অঞ্চলৰ স্থানীয় চৰকাৰে এই অঞ্চলত বিশ্বৰ প্ৰথমটো ক্ল’ন কৰা বিলুপ্তপ্ৰায় জিজাং গৰু প্ৰজাতিৰ ভেড়াৰ জন্মৰ কথা ঘোষণা কৰিছিল।
