ইছলামাবাদ, ১০ ফেব্ৰুৱাৰী : প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত বেনজিৰ ভুট্টোৰ উত্তৰাধিকাৰী পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)ৰ হিন্দু প্ৰাৰ্থী মহেশ কুমাৰ মালানীয়ে সিন্ধ প্ৰদেশৰ এন এ-২১৫ আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে। ২০১৮ চনৰ নিৰ্বাচনত তেওঁ পাকিস্তান পিপলছ পাৰ্টিৰ টিকটত দক্ষিণ সিন্ধ প্ৰদেশৰ থাৰপাৰকাৰ আসন (এন এ-২২২)ৰ পৰা নিৰ্বাচিত হৈছিল।
থাৰপাৰকাৰত কেৱল হিন্দুসকলৰ মাজতে নহয়, মুছলমান সমাজৰ মাজতো ভাল প্ৰভাৱ থকা নেতাসকলৰ ভিতৰত মালানী অন্যতম। তেওঁ দলৰ এজন পুৰণি নেতা। নিৰ্বাচনত তেওঁ লাভ কৰিছিল এক লাখ ৩২ হাজাৰৰো অধিক ভোট। তেওঁৰ প্ৰতিদ্বন্দ্বী গ্ৰেণ্ড ডেম’ক্ৰেটিক এলায়েন্সৰ আৰবাব গুলাম ৰহিমে ১ লাখ ১৩ হাজাৰ ৩৪৬ টা ভোট লাভ কৰে।
