ইছলামাবাদ, ৩০ জানুৱাৰী : পাকিস্তানত আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খান আৰু দলৰ নেতা তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীক চাইফাৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হয়। ৰাৱালপিণ্ডি বিশেষ আদালতৰ ন্যায়াধীশ আবুল হাছনাত জুলকাৰনাইনে আদিয়ালা কাৰাগাৰত এই কথা ঘোষণা কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু কুৰেশ্বীৰ উপস্থিতিত ন্যায়াধীশগৰাকীয়ে এই ৰায় শুনায়। এই গোচৰৰ শুনানি যোৱা বছৰৰ পৰা আদিয়ালা কাৰাগাৰত চলি আছিল। উল্লেখযোগ্য যে ৮ ফেব্ৰুৱাৰীত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। এনে পৰিস্থিতিত ৯ দিন পূৰ্বে লোৱা এই সিদ্ধান্ত ইমৰাণ খানৰ ৰাজনৈতিক জীৱনৰ বাবে বিপদজনক হ’ব পাৰে। চাইফাৰ মানে গোপন কীৱৰ্ডত লিখা বাৰ্তা। চাইফাৰ হৈছে এটা গোপন আৰু নিষিদ্ধ বাৰ্তা। এইটো কূটনৈতিক যোগাযোগৰ অংশ। দুখন দেশৰ মাজত চলি থকা বহু ধৰণৰ কথা-বতৰা গোপনে ৰখা হয়।
ফেডাৰেল ইনভেষ্টিগেচন এজেন্সীৰ অভিযোগনামাত উল্লেখ আছে যে ইমৰানে এই বাৰ্তা ঘূৰাই নিদিলে। পিটিআইয়ে দীৰ্ঘদিন ধৰি কৈ আহিছে যে এই বাৰ্তাত আমেৰিকাৰ পৰা ইমৰানক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰাৰ ভাবুকি সন্নিবিষ্ট কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে জেলত আছে ইমৰাণ আৰু কুৰেশ্বী। ইমৰাণ খানৰ প্ৰাৰ্থীত্বও নাকচ কৰা হৈছে। কুৰেশ্বীয়ে নিশ্চিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ স্বাধীনতা পাইছে যদিও আজিৰ শাস্তিৰ অৰ্থ হ’ল আগন্তুক পাঁচ বছৰলৈ দুয়োজনেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব।
যোৱা বছৰৰ ৫ আগষ্টত তোছাখানা গোচৰতো ইমৰাণ খানক দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। প্রথমবাৰৰ বাবে শাস্তি প্রদান হৈছে প্রাক্তন বৈদেশিক মন্ত্রী কুৰেছীক ৷ ৰাৱালপিণ্ডি বিশেষ আদালতৰ ন্যায়াধীশে শুনানিৰ আৰম্ভণিতে ইমৰাণ আৰু কুৰেশ্বীক ফৌজদাৰী বিধি আইনৰ ৩৪২ নং ধাৰাত (অভিযুক্তক জেৰা কৰাৰ ক্ষমতা) প্ৰশ্নাৱলী দিছিল। এই সন্দৰ্ভত ইমৰানে নিজৰ বক্তব্য লিপিবদ্ধ কৰিছিল। ইয়াৰ পিছত তেওঁক গোপন বাৰ্তাৰ বিষয়ে সোধা হৈছিল। তাৰ উত্তৰত তেওঁ কয়, “মই মোৰ বক্তব্যত কেৱল সেই কথাহে কৈছো যিটো মই নাজানো। গোপন বাৰ্তাটো মোৰ অফিচত আছিল। ইয়াৰ পিছত ন্যায়াধীশে এই গোচৰত দুয়োকে ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
