নিউয়ৰ্ক, ২২ জানুৱাৰী (হি.স.)। এই সময়ত গোটেই পৃথিৱীখন ৰাম ময় হৈ পৰিছে। ৰামনাম আমেৰিকাত বিখ্যাত। নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত ভাৰতীয় প্ৰৱাসীসকলেয়ে আলোকিত কৰিছে। ভাৰতৰ অযোধ্যাধামত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে আনন্দ উদযাপন কৰা হৈছে। টাইমছ স্কোৱেৰৰ আশে-পাশে কেশৰ আৰু ত্ৰিৰংগ পতাকা উত্তোলন কৰি উ ৎসৱ উদযাপন কৰিছে লোকসকলে।
ইয়াৰ উপৰিও অভিষেক অনুষ্ঠানৰ পূৰ্বে ১১০০ৰো অধিক লোকে কেলিফৰ্ণিয়াৰ বে এৰিয়া উদযাপন কৰে। ভগৱান শ্ৰীৰামৰ মন্দিৰৰ ছবি থকা কেশৰ পতাকা লৈ বিশাল গাড়ী ৰেলী অনুষ্ঠিত হয়। এই সমাৱেশৰ আয়োজন কৰিছিল বে এৰিয়াৰ ছয়জন স্বেচ্ছাসেৱী হিন্দুৱে। ছানিভেলৰ পৰা গোল্ডেন গেটৰ ৱাৰ্ম স্প্ৰিংছ বাৰ্ট ষ্টেচনলৈ অনুষ্ঠিত হয় এই গাড়ী ৰেলী। ইয়াৰ উপৰিও শনিবাৰে সন্ধিয়া আয়োজন কৰা হয় এক বৃহৎ ‘টেছলা কাৰ লাইট শ্ব’। বিশাল ৰাম ৰথৰ সৈতে উলিওৱা এই ৰেলীখনে প্ৰায় ১০০ মাইল দূৰত্ব অতিক্ৰম কৰিছিল। ৰেলীৰ আয়োজক ৰোহিত শৰ্মা, দীপ্তি মহাজন আৰু দীপক বাজাজে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
