কামচাটকা (ৰাছিয়া), ৩০ জুলাই (হি স)। ৰাছিয়াৰ পূব উপকূলীয় অঞ্চলত মঙলবাৰে পুৱা ৮.৭ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ ফলত প্ৰশান্ত মহাসাগৰত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সমীপত ৮.৭ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প অনুভূত হৈছে। বিগত দশকৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ প্ৰবল ভূমিকম্প। আগন্তুক কেইঘণ্টামানৰ ভিতৰতে জাপানৰ উপকূলত বিপজ্জনক ছুনামীৰ ঢৌ পোৱাৰ সম্ভাৱনা আছে।
জাপান চৰকাৰেও জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰি ছুনামীৰ পৰামৰ্শক সতৰ্কবাণীলৈ সলনি কৰিছে। ততাতৈয়াকৈ উপকূলীয় অঞ্চল ত্যাগ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। আলাস্কাকে ধৰি বহু অঞ্চলৰ বাবেও আমেৰিকাই চুনামীৰ সতৰ্কবাণী জাৰি কৰিছে।
—————
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
