ৱাশ্বিংটন, ১১ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত অহা ১৫ নৱেম্বৰত বৈঠক অনুষ্ঠিত হোৱাতো নিশ্চিত হৈছে। ইয়াত এই কথা ঘোষণা কৰিছে হোৱাইট হাউছে।
হোৱাইট হাউছৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে (১৫ নৱেম্বৰ) এবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ৰাষ্ট্ৰপতি বাইডেনে মুখামুখিকৈ সাক্ষাৎ কৰিব। এই বৈঠকক বিশ্বৰ দুখন মহাশক্তিৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ লক্ষ্যৰে উচ্চ পৰ্যায়ৰ কূটনীতিৰ অংশ হিচাপে বিবেচিত হৈছে।
দুয়োৰে মাজত এই বৈঠকখন ছান ফ্ৰান্সিস্কো উপসাগৰীয় অঞ্চলত অনুষ্ঠিত হ’বলগীয়া এছিয়া-প্ৰশান্ত অৰ্থনৈতিক সহযোগিতাৰ (এপিইচি) শীৰ্ষ সন্মিলনত অনুষ্ঠিত হ’ব। বেইজিং আৰু ৱাশ্বিংটনৰ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে যোৱা বছৰৰ ১৩ নৱেম্বৰত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত বাইডেন আৰু জিনপিঙৰ সাক্ষাৎ হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰৱিন্দ
