মুম্বাই, ০৬ জানুৱাৰী (হি.স)। জাৰ্মানীত জন্মগ্ৰহণ কৰা হলিউডৰ বিখ্যাত অভিনেতা ক্রিষ্টিয়ান অলিভাৰ আৰু তেওঁৰ দুগৰাকী কন্যাৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। তেওঁ যাত্ৰা কৰা সৰু বিমানখন উৰণৰ কিছু মুহূৰ্তৰ পিছতে কেৰিবিয়ান সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, “দ্য গুড জাৰ্মান” আৰু “স্পীড ৰেচাৰ” ছবিত দেখা পোৱা ক্রিষ্টিয়ান অলিভাৰৰ বৃহস্পতিবাৰে কন্যাৰ সৈতে ব্যক্তিগত বিমান দুৰ্ঘটনাত মৃত্যু হয়। ৰয়েল ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিনছ আৰক্ষী বাহিনীয়ে এক বিবৃতিত জনোৱা মতে, নিহতসকলৰ নাম অলিভাৰ (৫১), তেওঁৰ কন্যা মাডিটা (১০) আৰু এনিক (১২) আৰু পাইলট ৰবাৰ্ট চেক্স।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত লগে লগে মাছমৰীয়া আৰু উপকূলৰক্ষী বাহিনীয়ে সেই স্থানত উপস্থিত হৈ চাৰিওটা মৃতদেহ উদ্ধাৰ কৰে। বৃহস্পতিবাৰে মাজনিশাৰ ঠিক পিছতেই গ্ৰেনাডাইনছৰ সৰু দ্বীপ বেকিয়াৰ পৰা ছেইণ্ট লুচিয়ালৈ গৈ আছিল বিমানখন। খবৰ অনুসৰি অলিভাৰে ছোৱালীকেইজনীৰ সৈতে নৱবৰ্ষৰ বন্ধ উদযাপন কৰিবলৈ ইয়ালৈ আহিছিল।
ক্রিষ্টিয়ান অলিভাৰে এতিয়ালৈকে ৬০খনতকৈও অধিক ছবি আৰু টিভি ছিৰিজ কৰিছে ৷ তেওঁৰ মৃত্যুৰ খবৰ ওলোৱাৰ পিছতে স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল। অনুৰাগীসকলে অলিভাৰ আৰু তেওঁৰ কন্যাসকলক শ্ৰদ্ধাঞ্জলি জনাইছে।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
