ৱাশ্বিংটন, ১৯ জুলাই (হি.স.)। আমেৰিকাৰ লছ এঞ্জেলছত শুকুৰবাৰে পুৱা সংঘটিত হোৱা বিস্ফোৰণত জনতা স্তম্ভিত হৈ পৰে। এই বিস্ফোৰণ মণ্টেৰী পাৰ্কৰ বিস্কাইলুজ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত সংঘটিত হয়। বৃহস্পতিবাৰে কেন্দ্ৰটোৰ বাসগৃহৰ পৰা উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী আৰু সঁজুলিসমূহ তদন্তৰ বাবে ৰখা হৈছে। তদন্তৰ বাবে ইয়াত উপস্থিত হোৱা বিষয়া জোছুয়া কেলি-এক্লুণ্ড, ভিক্টৰ লেমুছ আৰু উইলিয়াম অছবৰ্ণ হঠাতে হোৱা বিস্ফোৰণত ধৰা পৰে আৰু এই তিনিজন বিষয়াৰ মৃত্যু হয়।
এবিচি নিউজৰ মতে, শ্বেৰিফ ৰবাৰ্ট লুনাই সংবাদমেলত এই কাণ্ডৰ সবিশেষ দিওঁতে কয় যে এই বিস্ফোৰণত লছ এঞ্জেলছ শ্বেৰিফৰ তিনিজন ডেপুটি (আৰক্ষী বিষয়া) বিষয়া নিহত হৈছে। আন কোনো লোক আহত হোৱা নাই। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তিনিজন আৰক্ষী বিষয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছে।
লছ এঞ্জেলছ আৰক্ষী বিভাগৰ বোমা নিষ্কাশন দলৰ বিষয়াসকলে এই কাণ্ডৰ তদন্ত কৰি আছে। সূত্ৰই জনোৱা মতে, বিস্ফোৰক সামগ্ৰী আৰু সঁজুলিসমূহ সুৰক্ষিত ৰখাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। ট্ৰেইনিং চেণ্টাৰত গ্ৰেনেড ভৰ্তি বেগ এটাও ৰখা হৈছিল। জানিব পৰা মতে, ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ তদন্তত জড়িত হৈ পৰিছে।
আৰক্ষী অধীক্ষক জিম মেকডনেলে কয় যে তদন্তৰ প্ৰতিবেদন অহাৰ পিছতহে বিস্ফোৰণৰ কাৰণ জানিব পৰা যাব। লছ এঞ্জেলছ কাউন্টি ব’ৰ্ড অৱ ছুপাৰভাইজাৰৰ অধ্যক্ষ কেথেৰিন বাৰ্গাৰে কয় যে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
