মস্কো, ২৮ ডিছেম্বৰ (হি.স.)। পাঁচ দিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বুধবাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে জয়শংকৰক উষ্ম ভাবে সাক্ষাৎ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক অহা বছৰ ৰাছিয়া ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। এই সময়ত পুটিনে কয় যে অহা বছৰটো নিৰ্বাচনৰ ক্ষেত্ৰত ভাৰতৰ বাবে অতি ব্যস্ত হ’ব। তেওঁ মোডীক নিৰ্বাচনৰ শুভেচ্ছা জনায়। নিৰ্বাচনত যিয়েই জয়ী নহওক কিয়, ভাৰত-ৰাছিয়াৰ সম্পৰ্ক সুদৃঢ় আৰু সুস্থিৰ হৈ থাকিব বুলিও তেওঁ কয়।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰপতি ভৱন ক্ৰেমলিনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। জয়শংকৰে তেওঁৰ এক্স-পোষ্টত এই তথ্য দিছে – ‘আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক অভিনন্দন জ্ঞাপন কৰি ব্যক্তিগত বাৰ্তা প্ৰদান কৰে। উপ-ৰাষ্ট্ৰপতি ডেনিছ মান্টুৰভ আৰু বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে হোৱা আলোচনাৰ বিষয়ে ৰাষ্ট্ৰপতি পুটিনক অৱগত কৰে। দুয়োখন দেশৰ সম্পৰ্কক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ নিৰ্দেশনাৰ শলাগ লয়।
এই কথা-বতৰাৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া-ইউক্ৰেইনৰ বিবাদ শান্তিপূৰ্ণভাৱে সমাধানৰ চেষ্টা চলাইছে। এই কথা আমি বহুবাৰ বাৰে বাৰে উল্লেখ কৰিছিলো। ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ কথা ক’লে তেওঁ কয় যে শক্তিৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিৰ ক্ষেত্ৰত আমি একেলগে আছো। পেট্ৰ’লৰ লগতে উচ্চ প্ৰযুক্তি খণ্ডতো আমি একেলগে কাম কৰি আছো। তেওঁ কয় যে বিশ্বত বহু অশান্তিৰ মাজতো ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় হৈ আহিছে। তেওঁ ভাৰতীয় নেতৃত্বক প্ৰশংসা কৰি কয় যে ভাৰতৰ বিকাশ দ্ৰুতগতিত হৈছে।
ইয়াৰ পূৰ্বে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক সাক্ষাৎ কৰিছিল। দুয়োৰে মাজত হোৱা দ্বিপাক্ষিক বৈঠকত লাভৰভে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ সমৰ্থন কৰে। তেওঁ কয় যে ভাৰতে জি-২০ৰ সভাপতিত্ব কৰি নিজৰ বৈদেশিক নীতিৰ শক্তি প্ৰমাণ কৰিলে।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
