নিউয়ৰ্ক, ০৫ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মেয়ৰৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী এণ্ড্ৰু কুমোক পৰাস্ত কৰি ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জোহৰাণ মামদানীয়ে ঐতিহাসিক জয়লাভ কৰিছে।
নিউয়ৰ্ক ৰাজ্যিক বিধানসভাৰ সদস্য তথা ডেম’ক্ৰেটিক ছ’চিয়েলিষ্ট ৩৪ বছৰীয়া মামদানীয়ে চহৰখনৰ প্ৰথমজন মুছলমান আৰু দক্ষিণ এছিয়াৰ মেয়ৰ হিচাপে পৰিগণিত হৈছে। মামদানীৰ পিতৃ-মাতৃ মূলতঃ উগাণ্ডাৰ। ৱাশ্বিংটন পোষ্টৰ মতে, মামডানীয়ে ৫২%তকৈ অধিক ভোট লাভ কৰাৰ বিপৰীতে কুমো মাত্ৰ ৪৫% ভোটত সীমাবদ্ধ আছিল।
অহা বছৰৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’ব মামদানীৰ শপতগ্ৰহণ অনুষ্ঠান।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰাথমিক নিৰ্বাচনত মামদানীয়ে নিজৰ অগ্ৰগতি বজাই ৰাখি কুমোতকৈ প্ৰায় সমান ব্যৱধানত জয়লাভ কৰিছিল যদিও কৃষ্ণাংগ আৰু হিস্পানিক সম্প্ৰদায়ত তেওঁৰ জনপ্ৰিয়তাই তেওঁক অতিৰিক্ত সুবিধা প্ৰদান কৰিছিল। ১৮৯২ চনৰ পিছত মহানগৰীৰ আটাইতকৈ কম বয়সীয়া মেয়ৰ হিচাপে পৰিগণিত হ’ব মামদানী।
ইফালে, মামদানীয়ে আনুষ্ঠানিকভাৱে নিজৰ জয়ৰ কথা ঘোষণা কৰি সমৰ্থকসকলক কয় যে, এই জয়ৰ ফলত নিউয়ৰ্কৰ পুনৰ্জন্মৰ আৰম্ভণি হৈছে। আমি এনে এখন চহৰ নিৰ্মাণ কৰিম য’ত পটভূমি নিৰ্বিশেষে প্ৰতিটো মাত শুনা যায়। তেওঁৰ প্ৰচাৰ অভিযানত সামাজিক ন্যায়, গৃহ নিৰ্মাণ সংস্কাৰ, জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, যিয়ে যুৱ ভোটাৰ আৰু সংখ্যালঘু সম্প্ৰদায়ক আকৰ্ষণ কৰিছিল।
ৰিপাব্লিকান দলৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিৰ্বাচনত মামদানীৰ বিৰুদ্ধে জোৰ দিছিল। ডেম’ক্ৰেটিক দলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই মামদানীৰ বিজয়ক আদৰণি জনাই অভিনন্দন জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
