দোহা/ডুবাই, ২৪ জুন (হি.স.)। নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰাচ্যৰ আকাশমাৰ্গ বন্ধ হৈ থকাৰ বাবে সোমবাৰে ডুবাই (ইউ এ ই) আৰু দোহা (কাটাৰ)লৈ যোৱা কমেও ২৬খন বাণিজ্যিক বিমান ডাইভাৰ্ট কৰিবলগীয়া হৈছিল।
বিমান বিশ্লেষণ কোম্পানী চিৰিয়ামৰ মতে, ডাইভাৰ্ট কৰা বিমানসমূহৰ ভিতৰত ২২খন দোহালৈ যোৱাৰ বিপৰীতে বাকী চাৰিখন বিমান ডুবাইলৈ ৰাওনা হৈছিল। এই বিমানসমূহৰ কিছুমানে বিকল্প বিমানবন্দৰত অৱতৰণ কৰাৰ বিপৰীতে আন কিছুমানে নিজৰ প্ৰস্থান স্থানলৈ উভতি যাবলগীয়া হৈছিল।
চিৰিয়ামে লগতে জনাইছে যে দোহালৈ ডাইভাৰ্ট কৰা ১২খন বিমান কাটাৰ এয়াৰৱেজে চলাই আছে।
পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে উত্তৰ আমেৰিকাৰ পৰা ৩৯খন আৰু ইউৰোপৰ পৰা ২১০খন বিমানে মধ্যপ্ৰাচ্যলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু শীঘ্ৰে আকাশমাৰ্গ মুকলি নকৰিলে এই বিমান সেৱা বাতিল হোৱাৰ আশংকা আছে।
ইৰাণ আৰু আমেৰিকাৰ মাজত সামৰিক উত্তেজনাৰ বাবে আঞ্চলিক নিৰাপত্তা পৰিস্থিতি অধিক বেয়া হৈ পৰা সময়ত এই বিকাশ ঘটিছে। কাটাৰত থকা আল-উদেইদ আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত বহু দেশে সতৰ্কতা অৱলম্বন কৰি নিজৰ বিমান পথ বন্ধ বা নিষেধাজ্ঞা আৰোপ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
