
ৰিঅ’ ডি জেনেইৰ’ (ব্ৰাজিল), ২৯ অক্টোবৰ (হি.স.)। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ চহৰত কমাণ্ডো ভাৰ্মেহ’ ড্ৰাগছ কাৰ্টেলৰ বিৰুদ্ধে এতিয়ালৈকে চলোৱা সৰ্ববৃহৎ সামৰিক আৰু আৰক্ষী অভিযানত মঙলবাৰে কমেও ৬৪ জন লোকৰ মৃত্যু হয়। ইয়াৰে ষাঠিজন অপৰাধী আৰু চাৰিজন আৰক্ষী বিষয়া বুলি জানিব পৰা গৈছে। আনহাতে তীব্ৰ যুদ্ধৰ অন্তত ৮১জন কুখ্যাত গেং সদস্যক গ্ৰেপ্তাৰ কৰা হয়।
ব্ৰাজিলৰ ফ’লহা ডি এছ পাউলো কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি মঙলবাৰে সেনা আৰু আৰক্ষীয়ে উত্তৰ ৰিঅ’ ডি জেনেইৰ’ৰ আলেমাও আৰু পেনহাত প্ৰৱেশ কৰি ৬৯টা গ্ৰেপ্তাৰৰ পৰোৱানা কাৰ্যকৰী কৰে। অভিযানৰ সময়ত সংঘাতৰ আশংকা কৰি সেনা-আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। প্ৰায় ২৫০০ আৰক্ষী আৰু সামৰিক বিষয়াৰ তত্বাৱধানত এই অভিযান আৰম্ভ কৰা হয়। বেৰিকেডেৰে আবদ্ধ কৰি ৰাখিছিল সকলো পথ। অপৰাধীয়ে গুলীচালনা কৰাত ড্ৰ’নৰ জৰিয়তে বোমা নিক্ষেপ কৰা হৈছিল।
গৱৰ্ণৰ ক্লাউডিঅ’ কাষ্ট্ৰোৰ মতে, এই অভিযানত কমেও ৬০ জন সন্দেহযুক্ত লোক আৰু চাৰিজন আৰক্ষী বিষয়া নিহত হয়। লগতে জব্দ কৰা হৈছে ৩১টা ৰাইফল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত এজন অপৰাধী গোটৰ নেতাও আছিল।
কাষ্ট্ৰ’ই কয় যে অপৰাধীসকলে ড্ৰ’ন ব্যৱহাৰ কৰি বিষয়া আৰু সাধাৰণ নাগৰিকৰ ওপৰত বিস্ফোৰক নিক্ষেপ কৰিছিল। ফেডাৰেল চৰকাৰৰ সমৰ্থন অবিহনে ৰাজ্যখনে অকলে এই অপৰাধীসকলৰ সন্মুখীন হৈছে । উচচতম ন্যায়ালয়ে অঞ্চলটোত আৰক্ষীৰ কাম-কাজত বাধা আৰোপ কৰা সিদ্ধান্তকো সমালোচনা কৰে ৰাজ্যপালগৰাকীয়ে। এই সিদ্ধান্তই ড্ৰাগছ সৰবৰাহৰ ইন্ধন যোগাইছে বুলিও তেওঁ কয়।
ৰিঅ’ ডি জেনেইৰ’ৰ ৰাজহুৱা অভিযুক্ত কাৰ্যালয়ৰ মতে, অপৰাধী দলটোৰ সন্মতি অবিহনে এই অঞ্চলত এটাও পাত লৰচৰ নকৰে। কমাণ্ডো ভাৰমেলহোৰ নিয়ন্ত্ৰণত আছে ডকা নামেৰে পৰিচিত এডগাৰ আলভেছ ডি আন্দ্ৰেড আৰু পেড্ৰ’ বালা নামেৰেও পৰিচিত পেড্ৰ’ পাউলো গুৱেডেছে। ইয়াৰ ৬৭ জন সদস্য আটাইতকৈ ভয়ংকৰ ভিতৰত অন্যতম। এই অভিযানৰ সময়ত নিৰাপত্তাজনিত কাৰণত বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হয়।
দা ৰিঅ’ টাইমছৰ প্ৰতিবেদনৰ অনুসৰি, কমাণ্ডো ভাৰ্মেলো ড্ৰাগ কাৰ্টেলৰ বিৰুদ্ধে আৰম্ভ কৰা এই অভিযানৰ সময়ত ৰিঅ’ ডি জেনেৰিঅ’ৰ উত্তৰ দিশৰ পৰ্বতৰ গুহাসমূহত লুকাই থকা অপৰাধীসকলকো ধৰা পৰিছে। এই অভিযানক ‘অপেৰাকাও কনটেনকাও’ বুলি নাম দিয়া হৈছে। আলেমাও আৰু পেনহাত ১,০০,০০০ৰো বেছি মানুহ বাস কৰে। ইয়াৰ দাৰিদ্ৰ্য বসতি সমূহত অপৰাধীৰ ৰজা চলে। এই অভিযানত কৰ্তৃপক্ষই হেলিকপ্টাৰৰ পৰা নিৰীক্ষণ কৰিছিল। অঞ্চলখন ঘেৰাৰ বাবে বচোৱাৰ যোগ্য বাহনৰ ব্যৱহাৰ কৰা হৈছিল।
গৱৰ্ণৰ ক্লাউডিঅ’ কাষ্ট্ৰোৱে কয় যে অপৰাধীয়ে প্ৰতিশোধ লোৱাৰ সম্ভাৱনাৰ বাবে কেইবাটাও সেনা বেটেলিয়ন মোতায়েন কৰা হৈছে। ১৯৭০ চনৰ ভিতৰত একনায়কত্ববাদৰ অধীনত কমাণ্ডো ভাৰমেলহ’ কাৰ্টেলে ব্ৰাজিলত শিপাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
