ৱাশ্বিংটন (আমেৰিকা), ২০ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাত এইচ ১-বি ভিছাৰ বাবে আবেদন কৰাৰ মাচুল এতিয়া ১ লাখ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পে এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে। এই পদক্ষেপে ৱৰ্ক ভিছা লৈ আমেৰিকাত কৰ্মৰত ভাৰতীয় কৰ্মচাৰীসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে।
চিবিএছ নিউজ চেনেলৰ এক প্ৰতিবেদন অনুসৰি কাৰ্যবাহী আদেশত নতুন ভিছা আবেদন মাচুল সংযোজন কৰা হৈছে। ইয়াৰ মতে এইচ-১বি কৰ্মচাৰীসকলক এক লাখ ডলাৰ নিদিয়াকৈ আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। ট্ৰাম্পে কয় যে আমি আমাৰ দেশত এনে লোকক নিযুক্তি দিব পাৰিম যিসকল অতি উৎপাদনশীল হ’ব, আৰু বহু ক্ষেত্ৰত এই কোম্পানীসমূহে ইয়াৰ বাবে অধিক ধন দিব। এই অতিৰিক্ত মাচুলে বিদেশী শ্ৰমিক নিযুক্তিৰ বাবে এই ভিছাৰ ওপৰত নিৰ্ভৰশীল আমাজন, আই বি এম, মাইক্ৰ’ছফ্ট, গুগলৰ দৰে ডাঙৰ প্ৰযুক্তি কোম্পানীকে ধৰি নিয়োগকৰ্তাসকলক প্ৰভাৱিত কৰিব।
পূৰ্বে এইচ-১বি ভিছাৰ মূল্য আছিল প্ৰায় ১৭০০ ডলাৰৰ পৰা ৪৫০০ ডলাৰ। সাধাৰণতে এই মাচুল নিয়োগকৰ্তাৰ বাবে ব্যৱসায়িক খৰচ বুলি গণ্য কৰা হয়। এই নতুন মাচুল এইচ-১বি ভিছাক লৈ চলি থকা বিতৰ্কৰ মাজতে আহিছে, যাৰ ফলত কোম্পানীসমূহে আমেৰিকাৰ শ্ৰমিকতকৈ কম মজুৰিৰে বিদেশী আবেদনকাৰীক নিযুক্তি দিব পাৰে। সমালোচকসকলে কয় যে কিছুমান নিয়োগকৰ্তাই আনকি উচ্চ দক্ষতাৰ প্ৰয়োজনীয়তা থকা জ্যেষ্ঠ পদৰ পৰিৱৰ্তে এণ্ট্ৰি লেভেল ভূমিকাৰ বাবে এইচ-১বি ভিছাও আগবঢ়ায়।
এই ভিছা কাৰ্যসূচীৰ মূল লাভৱান হৈছে প্ৰযুক্তি কোম্পানীসমূহ। শ্ৰম বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত আমাজনে যিকোনো কোম্পানীতকৈ সৰ্বাধিক এইচ-১বি ভিছা লাভ কৰিছিল। ইয়াৰ পিছতে টাটা কনচালটেন্সি, মাইক্ৰ’ছফ্ট, এপল, আৰু গুগল।
হোয়াইট হাউছৰ এজন সহায়কে কয়, এইটোৱে নিশ্চিত কৰিব যে তেওঁলোকে অনা লোকসকল সঁচাকৈয়ে উচ্চ দক্ষ আৰু তেওঁলোকৰ ঠাইত আমেৰিকাৰ শ্ৰমিকে ল’ব নোৱাৰে। গতিকে ইয়াৰ দ্বাৰা আমেৰিকাৰ শ্ৰমিকসকলক সুৰক্ষা দিয়া হ’ব, কিন্তু ইয়াৰ দ্বাৰা কোম্পানীসমূহে সঁচাকৈয়ে ব্যতিক্ৰমী লোকক নিযুক্তি দি আমেৰিকালৈ অনাৰ উপায়ো নিশ্চিত হ’ব।
নেশ্যনেল ফাউণ্ডেশ্যন ফৰ আমেৰিকান পলিচিৰ কাৰ্যবাহী সঞ্চালক ষ্টুয়াৰ্ট এণ্ডাৰছনে কয় যে যদিহে এই পৰিকল্পনাই আমেৰিকাৰ কোম্পানীসমূহক বিশেষকৈ গৱেষণা আৰু উন্নয়নৰ দৰে বিশেষ ক্ষেত্ৰত চাকৰি স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰে তেন্তে ইয়াৰ প্ৰতিক্ৰিয়া হ’ব পাৰে। এণ্ডাৰছনে কয়, আনটো প্ৰভাৱ হ’ব আমেৰিকালৈ আহি অধ্যয়ন কৰিবলৈ আগ্ৰহী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু হ্ৰাস পাব। যদি আমেৰিকাত কৰ্মৰ সুযোগ নাথাকে, তেন্তে তেওঁলোকে আমেৰিকাৰ কাৰ্যসূচীত নামভৰ্তি কৰাৰ সম্ভাৱনা বহু কম।
যোৱা বছৰ এইচ-১বি ভিছাৰ বাবে আটাইতকৈ জনপ্ৰিয় কাম আছিল চফটৱেৰ ডেভেলপাৰ। লটাৰীৰ জৰিয়তে প্ৰদান কৰা এইচ-১বি ভিছা লাভ কৰিবলৈ আবেদনকাৰীৰ অন্ততঃ স্নাতক ডিগ্ৰী থাকিব লাগিব আৰু আমেৰিকাৰ কোম্পানীয়ে অস্থায়ী চাকৰিৰ প্ৰস্তাৱ দিছে।
ইউ.এছ.চিটিজেনশ্বিপ এণ্ড ইমিগ্ৰেচন চাৰ্ভিচেছৰ মতে, এই কাৰ্যসূচীত বছৰি ৬৫,০০০ নতুন ভিছাৰ সীমা আছে যদিও স্নাতকোত্তৰ ডিগ্ৰী বা তাতকৈ অধিক ডিগ্ৰীধাৰী শ্ৰমিকৰ বাবে অতিৰিক্ত ২০,০০০ ভিছা প্ৰদান কৰা হ’ব পাৰে। এই সীমা আৰু ২০২৬ বিত্তীয় বৰ্ষৰ উচ্চ ডিগ্ৰী ৰেহাই কোটা ইতিমধ্যে লাভ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
