লছ এঞ্জেলছ, ২৯ অক্টোবৰ (হি.স.)। ব্যাপক চৰ্চিত আৰু জনপ্ৰিয় ৱেব ছিৰিজ ‘ফ্ৰেণ্ডছ’ত চেণ্ডলাৰ বিঙৰ চৰিত্ৰত অভিনয় কৰা আমেৰিকান অভিনেতা মেথিউ পেৰীৰ লছ এঞ্জেলছত মৃত্যু হৈছে। ৫৪ বছৰ বয়সত বিশ্বৰ পৰা বিদায় ল’লে মেথিউৱে। তেওঁক বাথটাবত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। এই কথা নিশ্চিত কৰিছে আৰক্ষীয়ে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
খবৰ অনুসৰি শনিবাৰে এমি বঁটাৰ বাবে মনোনীত অভিনেতা পেৰীক লছ এঞ্জেলছৰ ঘৰৰ বাথটাবত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষী বিষয়া ড্ৰেক মেডিচনে জনোৱা মতে, পেৰীৰ সৈতে একেটা ব্লকতে থকা এজন ৫০ বছৰীয়া পুৰুষ ব্যক্তিৰ মৃত্যুৰ তদন্ত কৰিবলৈ আৰক্ষী গৈছিল। সেই সময়তে বাথটাবত মেথিউ পেৰীক মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰে। এক প্ৰতিবেদনত কোৱা হৈছে যে মেথিউ পেৰীয়ে গোটেই কেৰিয়াৰটোত ড্ৰাগছ আসক্তিৰ সৈতে যুঁজিছিল। যোৱা বছৰ প্ৰকাশিত তেওঁৰ স্মৃতিগ্ৰন্থ ‘ফ্ৰেণ্ডছ, লভাৰছ এণ্ড দ্য বিগ টেৰিবল থিং’তো তেওঁ এই কথা স্বীকাৰ কৰিছে।
পেৰীয়ে ১৯৭৯ চনত ২৪০-ৰবাৰ্টৰ এটা খণ্ডৰ জৰিয়তে টেলিভিছনত অভিষেক ঘটায়। নট নেচেছৰিলি দ্য নিউজ (১৯৮৩), চাৰ্লছ ইন চাৰ্জ (১৯৮৫), ছিলভাৰ স্পুন্স (১৯৮৬), জাষ্ট দ্য টেন অৱ আছ (১৯৮৮) আৰু হাইৱে টু হেভেন (১৯৮৮) আদি অনুষ্ঠানত তেওঁ স্মৰণীয় ভূমিকা পালন কৰিছিল। মেথিউ পেৰীৰ আটাইতকৈ ডাঙৰ সাফল্য আহিছিল ফ্ৰেণ্ডছত চেণ্ডলাৰ বিগ হিচাপে। এই ভূমিকাই পেৰী আৰু তেওঁৰ সহ অভিনেতাসকলক এনবিচি চিটকমত ঘৰে ঘৰে প্ৰসিদ্ধ কৰি তুলিছিল। পেৰী নিশাটোৰ ভিতৰতে ছুপাৰষ্টাৰ হৈ পৰিল। ফ্ৰেণ্ডছৰ ৰেটিং আছিল সৰ্বাধিক। অভিনেতা পেৰীৰ মাতৃ চুজেনে কেইবছৰমান পূৰ্বে কানাডাৰ এজন সম্প্ৰচাৰকৰ সৈতে দ্বিতীয় বিবাহপাশত আবদ্ধ হৈছিল।
‘ফ্ৰেণ্ডছ’ ছিৰিজৰ সম্প্ৰচাৰক এনবিচিয়ে এক বিবৃতিত কয় যে মেথিউ পেৰীৰ ইমান সোনকালে মৃত্যু হোৱাত আমি অবিশ্বাস্যভাৱে ব্যথিত। তেওঁৰ নিখুঁত কমেডী টাইমিং আৰু কটু বুদ্ধিমত্তাৰে তেওঁ বিশ্বৰ লাখ লাখ লোকৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিছিল। তেওঁৰ উত্তৰাধিকাৰ অগণন প্ৰজন্মলৈকে জীয়াই থাকিব।
ফ্ৰেণ্ডছ প্ৰযোজক ৱাৰ্নাৰ ব্ৰাদাৰ্ছ টেলিভিছন গ্ৰুপে কয় যে, “আমাৰ প্ৰিয় বন্ধু মেথিউ পেৰীৰ মৃত্যুত আমি ভাঙি পৰিছো। মেথিউছ আছিল ৱাৰ্নাৰ ব্ৰাদাৰ্ছ টেলিভিছন গ্ৰুপ পৰিয়ালৰ এক অভিন্ন অংশ। এই দিনটো হৃদয়বিদাৰক দিন। আমি তেওঁৰ পৰিয়াল, তেওঁৰ আপোনজন আৰু তেওঁৰ সকলো নিষ্ঠাবান অনুৰাগীৰ সৈতে এই শোকৰ সময়ত সমমৰ্মিতা ব্যক্ত কৰিছোঁ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
