ঢাকা, ২৩ জুন (হি.স.)। বাংলাদেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত কে এম নুৰুল হুদাক দেওবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পূৰ্বে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিয়ে ২০১৮ চনৰ নিৰ্বাচনত তেওঁৰ লগতে আন ২৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। গোচৰ ৰুজু হোৱাৰ পিছতে উত্তৰাত থকা তেওঁৰ বাসগৃহত এক ৰাইজে আক্ৰমণ চলায়।
দ্য ডেইলী ষ্টাৰৰ মতে, নিৰ্বাচনী আয়োগৰ বিষয়াসকলে কয় যে নিৰ্বাচন সম্পৰ্কীয় বিষয়ত এজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তক সম্ভৱতঃ প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। ঢাকা মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত (উত্তৰা সংমণ্ডল) মহিদুল ইছলামে জনোৱা মতে, উত্তৰ পশ্চিম থানাৰ এটা দলে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হুদাক গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে পঞ্জীয়নভুক্ত গোচৰটোত হুদাক গ্ৰেপ্তাৰ কৰি তেওঁৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ জিম্মালৈ লৈ যোৱা বুলিও তেওঁ কয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে হুদাই বগা টি-চাৰ্ট আৰু লুঙী পিন্ধিছে। ডিঙিত জোতাৰ মালা। তেওঁক ঘেৰি ধৰিছে এদল অচিনাক্ত ব্যক্তি। এটা সময়ত এজন দাড়ি থকা মানুহে হুদাৰ মুখত জোতাৰে দুবাৰকৈ আঘাত কৰে। ওচৰতে উপস্থিত থকা আন লোকসকলে আক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।
ঘটনাৰ সময়ত একাংশ লোকে শ্লোগান দি চিঞৰিছিল – ৰনি ভাই ভয় নাই, ৰাজপথ চাৰি নাই (ভয় নকৰিবা ৰনি ভাই, আমি ৰাজপথ এৰি যোৱা নাই)। কেইছেকেণ্ডমান পিছত পুলিচ এজনে হুদাৰ বাওঁহাতখন ধৰি লৈ গ’ল। হুদাত সংঘটিত আক্ৰমণৰ বিষয়ে সোধাত উপাযুক্ত মহিদুলে কয় যে, ‘মই এই গোচৰৰ বিষয়ে অৱগত নহয়। ভিডিঅ’টোৰ বিষয়ে অধিক সোধাত তেওঁ কয় যে মই ভিডিঅ’টো দেখা নাই।
জাতীয়তাবাদী স্বয়ংসেৱক দলৰ আয়োজক সম্পাদক নাজমুল হাছানে কয় যে হুদাক জোতাৰে আঘাত কৰা ব্যক্তিজন কেৱল ৱাৰ্ড পৰ্যায়ত সংগঠনটোৰ সমৰ্থক। তেওঁ কোনো পদত অধিষ্ঠিত নহয়। হাছানে কয় যে বাংলাদেশৰ ভোটদান ব্যৱস্থা নষ্ট কৰাৰ বাবে মূলতঃ দায়ী হুদা। তেওঁ ফেচিষ্টসকলক ক্ষমতাত থাকিবলৈও সহায় কৰিছিল। গতিকে তেওঁ বিচাৰৰ সন্মুখীন হ’ব লাগে।
উল্লেখযোগ্য যে কালি বিয়লি বিএনপিয়ে শ্বেৰ-ই-বাংলা নগৰ আৰক্ষী থানাত হুদা, পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, ১০জন নিৰ্বাচনী আয়ুক্ত আৰু আন ১০ জনকৈ প্ৰাক্তন চিইচিৰ বিৰুদ্ধে নিৰ্বাচনী অনিয়মৰ বাবে গোচৰ ৰুজু কৰে। আন দুগৰাকী প্ৰাক্তন চিইচি হ’ল কাজী ৰকিবুদ্দিন আহমেদ আৰু কাজী হাবিবুল আৱাল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
