ঢাকা, ১১ জুলাই (হি.স.)। বাংলাদেশৰ ক্ষমতাচ্য়ুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আন এজন ঘনিষ্ঠ সহায়কৰ বিৰুদ্ধে হাতোৰা কঠোৰ কৰি তুলিছে অন্তৱৰ্তীকালীন চৰকাৰে। বৃহস্পতিবাৰে গভীৰ নিশা ঢাকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেশৰ আগশাৰীৰ অৰ্থনীতিবিদ তথা জনতা বেংকৰ প্ৰাক্তন সভাপতি অধ্যাপক আবুল বৰকটক। এনানটেক্স গ্ৰুপৰ সৈতে জড়িত ২৯৭ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছে ।
আজি পুৱা ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত বাতৰি অনুসৰি যুটীয়া আয়ুক্ত নাছিৰুল ইছলামে এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে বৃহস্পতিবাৰে নিশা প্ৰায় ১১:৩০ বজাত ঢাকা মহানগৰ চোৰাংচোৱা শাখাই ধনমণ্ডি-২ৰ পৰা বৰকটক আটক কৰিছিল। এননটেক্স গ্ৰুপৰ অন্তৰ্গত ২২টা প্ৰতিষ্ঠানক অবৈধ ঋণ দিয়াৰ অভিযোগত ২০ ফেব্ৰুৱাৰীত দুৰ্নীতি নিবাৰক আয়োগে বৰকটৰ লগতে আন ২২ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
অভিযোগ অনুসৰি বাংলাদেশ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ আতিউৰ ৰহমানকে ধৰি বৰকটে গোপন বুজাবুজি কৰি নথি জাল কৰি ধন বিতৰণ কৰিছিল। ইয়াৰ ফলত ৰাজহুৱা ৰাজকোষৰ বৃহৎ লোকচান হোৱা বুলি আয়োগে দাবী কৰিছে। অধ্যাপক বৰকটে ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী আৰু বাংলাদেশ অৰ্থনীতি সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। আৱামী লীগ চৰকাৰে তেওঁক জনতা বেংকৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছিল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
