ঢাকা, ২৩ জুলাই (হি.স.)। বাংলাদেশৰ ৰাজশাহী সংমণ্ডলৰ গ্ৰাম্য অঞ্চলত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়। বৰ্তমান নিহত এজনক চিনাক্ত কৰা হৈছে। কিছু লোক আহত হৈছে। কাষৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰক্ষীয়ে।
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক প্ৰতিবেদনত বনপাৰা ঘাইপথ আৰক্ষী থানাৰ প্ৰভাৰী ইছমাইল হুছেইনৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে যে ৰাতিপুৱা প্ৰায় ৯:৩০ বজাত নাটৌৰ জিলাৰ বৰায়গ্ৰাম উপজিলাত এখন ট্ৰাক আৰু মিনিবাছৰ সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু হয়। বনপাৰা-হাটিকুমাৰুল ঘাইপথৰ এয়াৰমাৰীৰ তৰমুজ পাম্প এলেকাৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। নিহতসকলৰ ভিতৰত এতিয়ালৈকে চিনাক্ত হৈছে কেৱল বাছ চালক ৩২ বছৰীয়া ৰুবেল হুছেইনক। তেওঁৰ ঘৰ মেহেৰপুৰৰ গংগানী উপাজিলাৰ।
ঘাইপথ থানাৰ প্ৰভাৰী হুছেইনে কয় যে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক বাছ যাত্ৰী। এই বাছখন মেহেৰপুৰৰ পৰা ঢাকালৈ গৈ আছিল। এয়াৰমাৰীত বিপৰীত দিশৰ পৰা আহি থকা চিমেণ্ট ভৰ্তি ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত বাছখন ক্ষতিগ্ৰস্ত হয়। চালক ৰুবেল হোছেইনকে ধৰি ৫জন লোকৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত আন দুজন লোকক ততাতৈয়াকৈ বৰায়গ্ৰাম উপজিলা স্বাস্থ্য কমপ্লেক্সলৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ এজনে তাতেই মৃত্যুক সাৱটি লয়। বাকী আহত যাত্ৰীসকলক পিছত ৰাজশাহী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
প্ৰত্যক্ষদৰ্শী মিজানুৰ ৰহমানে জনোৱা মতে, বাছখনে আন এখন বাহন অভাৰটেক কৰি থকা অৱস্থাত সন্মুখৰ পৰা অহা ট্ৰাকখনৰ সৈতে খুন্দা মাৰে। নিহত ছয়জন লোকৰ ভিতৰত আছে চাৰিগৰাকী মহিলা আৰু দুজন পুৰুষ। ঘাইপথ আৰক্ষীয়ে জনোৱা মতে, ট্ৰাকখন জব্দ কৰা হৈছে যদিও চালকজনে স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
