ৱাশ্বিংটন, ১৮ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ দক্ষিণী পেনচিলৱেনিয়াত বুধবাৰে হোৱা গুলীচালনাৰ ঘটনাত তিনিজন আৰক্ষী আধিকাৰীয়ে মৃত্যুবৰণ কৰিছে আৰু অন্য দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফিলাডেলফিয়াৰ পৰা ১০০ মাইল পশ্চিমে অৱস্থিত নৰ্থ ক’ড’ৰাছ টাউনশ্বিপৰ হাৰ ৰোডত সংঘটিত হৈছে এই কাণ্ড। পেনচিলভেনিয়া ৰাজ্যৰ আৰক্ষী আয়ুক্ত ক্রিষ্টোফাৰ পেৰিছে এখন সংবাদমেলত কয় যে বিষয়াসকলে ঘৰুৱা কাণ্ডৰ তদন্তৰ বাবে সেই স্থানলৈ গৈছিল৷ তেওঁ দাবী কৰে যে গুলীচালনাৰ লগত জড়িত ব্যক্তিজনক আৰক্ষীৰ প্ৰতিশোধত হত্যা কৰা হৈছে। অৱশ্যে বিষয়াসকলে কয় যে সন্দেহজনক লোকজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। গুলীচালনাত নিহত আৰক্ষী বিষয়াসকলৰ বিষয়ে কোনো সবিশেষ দিবলৈ অস্বীকাৰ কৰে।
ইফালে গুলীচালনাৰ তথ্য লাভ কৰাৰ লগে লগে পেনচিলভেনিয়াৰ গৱৰ্ণৰ জোছ শ্বেপিৰ’ই পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ সেই স্থানত উপস্থিত হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
