জাকাৰ্টা, ২৪ ডিছেম্বৰ (হি.স.)। পূব ইণ্ডোনেছিয়াৰ মৰোৱালি ঔদ্যোগিক উদ্যানত অৱস্থিত চীনৰ পুঁজিৰে চলি থকা নিকেল প্ৰচেছিং প্লাণ্টত দেওবাৰে পুৱা সংঘটিত বিস্ফোৰণত ১৩ জন লোক নিহত হোৱাৰ লগতে ৩৮ জন আহত হয়। নিহতসকলৰ ভিতৰত আছে একেটা উদ্যোগৰ ৮জন ইণ্ডোনেছিয়ান আৰু ৫জন চীনা শ্ৰমিক।
ইণ্ডোনেছিয়াৰ কাকত জাকাৰ্টা পোষ্টৰ মতে, এই ঔদ্যোগিক উদ্যানখনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, মধ্য চুলাৱেছি প্ৰদেশৰ চীনৰ পুঁজিৰে চলি থকা পিটি ইণ্ডোনেছিয়া চিংছান ষ্টেইনলেছ ষ্টীল (আইটিএছএছ) প্লাণ্টত পুৱা প্ৰায় ৫.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। নিহতসকলৰ ভিতৰত আছে ৮ জন ইণ্ডোনেছিয়ান আৰু ৫ জন চীনা শ্ৰমিক। প্লাণ্টটোৰ এটা চুলা মেৰামতিৰ কামৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। ইয়াৰ ফলত জ্বলনশীল তৰল পদাৰ্থটোত জুই লাগিছিল। পৰৱৰ্তী বিস্ফোৰণৰ বাবে ওচৰৰ অক্সিজেন টেংকো ফাটি যায়। জুই নিয়ন্ত্ৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
