তেহৰাণ, ২২ জুন (হি.স.)। ইৰাণে নিজৰ তিনিটা পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণক গৰিহণা দি এয়া ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা বুলি অভিহিত কৰিছে। ইৰানে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাক উদাসীনতাৰ অভিযোগ উত্থাপন কৰে। আমেৰিকাৰ আক্ৰমণক গৰিহণা দিবলৈ আৰু ইৰাণৰ স্থিতিক সমৰ্থন কৰিবলৈ বিশ্ব সম্প্ৰদায়ক আহ্বান জনাইছে ইৰাণে।
দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ তিনিটা পাৰমাণৱিক স্থান ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান ধ্বংস কৰা বুলি দাবী কৰে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ইয়াক ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা বুলি অভিহিত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমেৰিকাই ইৰাণৰ শান্তিপূৰ্ণ পাৰমাণৱিক প্ৰতিষ্ঠানক আক্ৰমণ কৰি ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন আৰু এন পি টি গুৰুতৰভাৱে উলংঘা কৰিছে। এইবোৰৰ দীৰ্ঘম্যাদী পৰিণতি হ’ব আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিজন সদস্যই এই অত্যন্ত বিপজ্জনক, বিশৃংখল আৰু অপৰাধমূলক আচৰণক লৈ চিন্তিত হোৱা উচিত। আব্বাছ আৰাঘচিয়ে লিখিছে যে ইৰাণৰ হাতত নিজৰ সাৰ্বভৌমত্ব, স্বাৰ্থ আৰু জনসাধাৰণক সুৰক্ষিত কৰাৰ সকলো বিকল্প আছে।
ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ইৰাণৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণক লৈ অত্যন্ত চিন্তিত বুলি প্ৰকাশ কৰিছে। তেওঁ এক বিবৃতিত কয় যে সংঘাত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলত সাধাৰণ নাগৰিক, অঞ্চল আৰু বিশ্বৰ বাবে বিধ্বংসী পৰিণতি হ’ব পাৰে। এই বিপদজনক সময়ত বিশৃংখলতাৰ চক্ৰৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ।
ইয়াৰ পূৰ্বে দেওবাৰে পুৱা ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কয় যে ইৰাণৰ ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানকে ধৰি তিনিটা পাৰমাণৱিক স্থানত সফল আক্ৰমণ চলোৱা হৈছে আৰু এতিয়া সকলো বিমান ইৰাণৰ আকাশমাৰ্গৰ বাহিৰলৈ ওলাই আহিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
