ইছলামাবাদ, ১৪ আগষ্ট (হি.স.)। পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণত তিনিজন আৰক্ষী জোৱানৰ প্ৰাণহানি হয়। ৰক্তপাতৰ পিছত সন্দেহযুক্ত অস্ত্ৰধাৰী লোকসকলে সহজেই পলায়ন কৰে। ইয়াৰ মাজতে আৰক্ষী জোৱানৰ অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লৈ যায়। ইফালে বাজাউৰত দুদিনীয়া সান্ধ্য আইন শিথিল কৰিছে প্ৰাদেশিক কৰ্তৃপক্ষই। ইয়াৰ বাবেই বজাৰসমূহ পুনৰ মুকলি হৈছে।
দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ খবৰ অনুসৰি বুধবাৰে কুৰৰাম জনজাতি জিলাৰ আলিজাই অঞ্চলত সংঘটিত হয় এই ৰক্তপাত। আৰক্ষীৰ বাহনখনত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে এম্বুছ কৰে। এই আক্ৰমণত নিহত হয় তিনিজন আৰক্ষী। আৰক্ষীৰ মতে, আক্ৰমণকাৰীয়ে আৰক্ষীৰ বাহনখনলৈ গ্ৰেনেড নিক্ষেপ কৰে। ইয়াৰ পিছত নিৰ্বিচাৰ গুলীচালনা হয়। পাৰাচিনাৰলৈ গৈ আছিল আৰক্ষীকেইজন।
আৰক্ষীয়ে জনোৱা মতে, প্ৰাথমিক তথ্য অনুসৰি আক্ৰমণকাৰীয়ে নিহত আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰও লুটপাত কৰে। তথ্য লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীক বিচাৰি অভিযান চলায় যদিও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নগ’ল।
ইফালে বাজাউৰত দুদিনীয়া সান্ধ্য আইন শিথিল কৰিছে কৰ্তৃপক্ষই। শিথিলতাৰ পিছত স্থানীয় বাসিন্দাসকলে ঘৰৰ পৰা ওলাই আহি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰে। খাৰক বজাৰ, ইনায়ত কল্লে বজাৰ, ছিদ্দিকাবাদ বজাৰ আৰু নৱগাই বজাৰ পুনৰ প্ৰাণ পাই উঠিল। মূল পথৰ যাতায়তো স্বাভাৱিক হৈ পৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
