
ইছলামাবাদ, ২০ অক্টোবৰ (হি স)। পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকে ধৰি অন্যান্য নেতাই আজি পাকিস্তানৰ হিন্দু সমাজলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। অভিনন্দন বাৰ্তাত ৰাষ্ট্ৰপতিয়ে সংখ্যালঘুৰ অধিকাৰৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।
ৰেডিঅ’ পাকিস্তানৰ উদ্ধৃতিৰে ড’ন কাকতখনে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ কথা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে কয় যে দীপাৱলীৰ উৎসৱে আমাক আন্ধাৰৰ ওপৰত পোহৰ আৰু বেয়াৰ ওপৰত ভালৰ জয়ৰ কথা মনত পেলাই দিয়ে। তেওঁ কয় যে সংবিধানে সকলো নাগৰিককে সম অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰিছে। জৰ্দাৰীয়ে শিক্ষা, বাণিজ্য, জনসেৱাৰ ক্ষেত্ৰতো হিন্দু সমাজৰ সেৱাৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰী শ্বাহবাজে পাকিস্তানৰ লগতে সমগ্ৰ বিশ্বৰ হিন্দু সমাজলৈ দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰে। ইনষ্টাগ্ৰামত এটা পোষ্টত তেওঁ কয়, “এই উৎসৱে অন্ধকাৰ দূৰ কৰক, সমন্বয়ক প্ৰসাৰিত কৰক, আৰু আমাক সকলোকে শান্তি, মমতা আৰু সমূহীয়া সমৃদ্ধিৰ ভৱিষ্যতলৈ লৈ যাওক।” তেওঁ কয় যে দীপাৱলীৰ আত্মাই আন্ধাৰৰ ওপৰত পোহৰ, বেয়াৰ ওপৰত ভাল, আৰু হতাশাৰ ওপৰত আশাৰ প্ৰতীক। অসহিষ্ণুতাৰ পৰা বৈষম্যলৈকে সমাজৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে দীপাৱালীয়ে এক সামূহিক সংকল্পৰ প্ৰেৰণা যোগায়।
পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জৰ্দাৰীয়েও দীপাৱলীক পোহৰ, আশা, আৰু নবীকৰণৰ উৎসৱ বুলি অভিহিত কৰি বিশ্বৰ হিন্দু সমাজ আৰু বিশ্বৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বিলোৱাল হাউছ মিডিয়া চেলে জাৰি কৰা এক বিবৃতিত বিলোৱালে কয় যে দীপাৱালীয়ে আমাক সোঁৱৰাই দিয়ে যে আন্ধাৰৰ ওপৰত পোহৰ সদায় জয়ী হয়, আৰু ঘৃণা আৰু বৈষম্যৰ ওপৰত সত্য, শান্তি, প্ৰেমে জয়লাভ কৰে।
তেওঁ পুনৰ কয় যে তেওঁৰ মাতৃ বেনজিৰ ভুট্টো আৰু জুলফিকাৰ আলী ভুট্টোৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি পিপিপিয়ে এখন প্ৰগতিশীল আৰু সৰ্বাংগীন পাকিস্তান গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, য’ত সকলো ধৰ্মই সন্মান আৰু সম্প্ৰীতিৰে সহাৱস্থান কৰে। পাকিস্তানৰ সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় জীৱনলৈ হিন্দু সম্প্ৰদায়ৰ অমূল্য অৱদানক বিলোৱালে প্ৰশংসা কৰে। সিন্ধৰ ৰাজ্যপাল কামৰাণ তেছুৰী আৰু মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহেও হিন্দু সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
