ইছলামাবাদ, ০৩ ডিছেম্বৰ (হি.স.)। পাকিস্তানৰ গিলগিট বাল্টিস্তান অঞ্চলত শনিবাৰে এখন যাত্ৰীবাহী বাছত নিৰ্বিচাৰে গুলীচালনা কৰি সন্ত্ৰাসবাদীয়ে ৯ জন লোকক হত্যা কৰে। এই আক্ৰমণত আন ২৬ জন আহত হয়। পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকত ড’নৰ মতে, গিলগিটৰ পৰা ৰাৱালপিণ্ডিলৈ যোৱা বাছখন সন্ধিয়া ৬:৩০ বজাত চিলাছৰ সমীপত আক্ৰমণ কৰা হয়।
ডনৰ মতে, আক্ৰমণৰ পিছত চালকে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। চিলাছৰ উপ আৰক্ষী আয়ুক্ত আৰিফ আহমেদৰ উদ্ধৃতি দি কাকতখনে প্ৰকাশ কৰিছে যে মৃত লোকসকলৰ ভিতৰত পাঁচজনক চিনাক্ত কৰা হৈছে। মৃতসকলৰ ভিতৰত দুজন জোৱানো আছে। আহতসকলৰ ভিতৰত বিশেষ নিৰাপত্তা ইউনিটৰ এজন জোৱানো আছে। আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
