ইছলামাবাদ, ০১ নৱেম্বৰ (হি.স.)। পাকিস্তানত অবৈধভাৱে বসবাস কৰা আফগান নাগৰিক আৰু অন্যান্য বিদেশীসকলে স্বেচ্ছামূলক আৰু কাৰিকৰীভাৱে দেশ এৰি যোৱাৰ সময়সীমা মঙলবাৰে মাজনিশা শেষ হয়। পাকিস্তানৰ বিষয়াসকলে কয় যে যদি এই লোকসকলে দেশ এৰি যাবলৈ অস্বীকাৰ কৰে তেন্তে অহা ২৪ দিনৰ ভিতৰত তেওঁলোকে গুৰুতৰ আইনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব। ইফালে সিন্ধ প্ৰাদেশিক চৰকাৰে অবৈধ বিদেশীক ঘূৰাই পঠোৱাৰ বাবে ৪.৫ বিলিয়ন টকাৰ অনুমোদন জনাইছে। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
সমগ্ৰ দেশতে পাকিস্তান চৰকাৰে ‘হোল্ডিং চেণ্টাৰ’ স্থাপন কৰিছে। চৰকাৰে আনুমানিক ১৭ লাখ আফগানকে ধৰি অবৈধ অনুপ্ৰৱেশকাৰীক সময়সীমাৰ ভিতৰত দেশ এৰি যাবলৈ সকীয়াই দিছিল। তেনে নকৰিলে কাৰাদণ্ড আৰু বিতাড়নৰ আশংকাৰ সন্মুখীন হ’ব পাৰে বুলি চৰকাৰে কৈছিল। ইফালে ১ নৱেম্বৰৰ দিনাও নিজৰ ইচ্ছামতে দেশ এৰি যোৱাসকলক কোনো হাৰাশাস্তি কৰা নহ’ব বুলি দাবী কৰিছে বিষয়াসকলে। কিন্তু যিসকল সময়সীমাৰ ভিতৰত নাযায় তেওঁলোকক হোল্ডিং চেণ্টাৰত ৰখা হ’ব। ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে কয় যে এই বছৰ দেশখনত সংঘটিত হোৱা ২৪টা আত্মঘাতী বোমা বিস্ফোৰণৰ ভিতৰত ১৪টা অবৈধ আফগান নাগৰিক দায়ী। পাকিস্তানৰ জনসাধাৰণৰ নিৰাপত্তা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। পাকিস্তানত কমেও ৪২ লাখ আফগান নাগৰিকে বসবাস কৰি আছে। ইয়াৰে কমেও ৩০ লাখ লোকে কোনো আইনী নথি-পত্ৰ নোহোৱাকৈ অবৈধভাৱে জীৱন নিৰ্বাহ কৰি আছে। বুগটিয়ে নিশ্চিত কৰিছে যে যোৱা তিনিদিনত ২০ হাজাৰৰো অধিক অবৈধ বিদেশীয়ে পাকিস্তান এৰি গৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
