ছানা, ১২ জানুৱাৰী (হি.স.)। ইৰাণ সমৰ্থিত হুতী বিদ্ৰোহীৰ য়েমেনত থকা স্থিতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে আমেৰিকা আৰু ইয়াৰ পাঁচটা মিত্ৰশক্তিয়ে বিমান আক্ৰমণ চলায়। এই বিমান আক্ৰমণত হুতী বিদ্ৰোহীসকলে বিপুল লোকচানৰ সন্মুখীন হৈছে আৰু তেওঁলোকৰ বহু আত্মগোপন স্থান ধ্বংস হৈছে। এই আক্ৰমণৰ পিছত পশ্চিম এছিয়াত আৰু অধিক উত্তেজনা বৃদ্ধি পাব পাৰে। দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি আমেৰিকাই এই আক্ৰমণসমূহ নিশ্চিত কৰিছে।
আমেৰিকাৰ নেতৃত্বত এই বিমান আৰু নৌসেনাৰ আক্ৰমণ নৱেম্বৰৰ পৰা লোহিত সাগৰত বাণিজ্যিক জাহাজৰ বিৰুদ্ধে দুডজনৰো অধিক আক্ৰমণৰ প্ৰতিক্ৰিয়া বুলি খবৰ পোৱা গৈছে। যোৱা সপ্তাহত বাইডেন প্ৰশাসন আৰু বহু আন্তঃৰাষ্ট্ৰীয় মিত্ৰ দেশেও হুতী বিদ্ৰোহীসকলক সকীয়াই দিছিল।
দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে আমেৰিকা আৰু মিত্ৰ দেশসমূহে নিজৰ কৰ্মীসকলৰ ওপৰত আক্ৰমণ সহ্য নকৰে। আৰু বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক পথত হস্তক্ষেপ সহ্য নকৰে।
তেওঁ সকীয়াই দিয়ে যে, “মই মোৰ জনসাধাৰণৰ সুৰক্ষা আৰু প্ৰয়োজন অনুসৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ মুক্ত প্ৰবাহৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰো।” খবৰ অনুসৰি এই সতৰ্কবাণীক আওকাণ কৰি গাজাত ইজৰাইলৰ সামৰিক অভিযানৰ প্ৰতিবাদত হুতীয়ে আক্ৰমণ অব্যাহত ৰখাৰ শপত লৈছে।
বাইডেনে কয় যে লোহিত সাগৰত আক্ৰমণৰ পৰা হাত সাৰিবলৈ ২০০০ৰো অধিক জাহাজে হাজাৰ হাজাৰ মাইল ঘূৰিবলগীয়া হৈছে, যাৰ ফলত কেইবা সপ্তাহো পলম হৈছে। মঙলবাৰে আমেৰিকা আৰু ব্ৰিটিছ যুদ্ধ জাহাজে হুতীৰ বৃহৎ ড্ৰ’ন আৰু মিছাইল আক্ৰমণক প্ৰতিহত কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
