কাঠমাণ্ডু, ১১ জুলাই (হি.স.)। নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ যোগাযোগ সচিব ফণীৰাজ পাঠকক তেওঁৰ নামত বিবৃতি জাৰি কৰাৰ সময়ত তেওঁৰ নামৰ আগত শ্ৰী ৫ মহাৰাজাধিৰাজৰ উপাধি লিখাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ এই কাৰ্যক লৈ আপত্তি কৰিছে ৰজাৰ সমৰ্থক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে।
কাঠমাণ্ডু আৰক্ষীৰ মুখপাত্ৰ এছ পি অপেল ৰাজ বহৰাই কয় যে প্ৰাক্তন ৰজাৰ যোগাযোগ সম্পাদক ফণীৰাজ পাঠকক সংবিধানৰ বিপৰীত আচৰণ কৰাৰ অভিযোগত আটক কৰি ৰখা হৈছে। এছ পি বহৰাই কয় যে প্ৰাক্তন ৰজাৰ নামত বা ৰাজহুৱা অনুষ্ঠানত জাৰি কৰা বিবৃতিত ৰাজতন্ত্ৰৰ শৈলীত তেওঁৰ নাম শ্ৰী ৫ মহাৰাজাধিৰাজ বুলি সম্বোধন কৰা হৈছে। সংসদত এই সন্দৰ্ভত বহু সাংসদে আপত্তি কৰিছিল, তাৰ পিছতে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
