কাঠমাণ্ডু, ১১ নৱেম্বৰ (হি.স.)। নেপালত সংসদ ভংগ আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বিৰুদ্ধে আজি দেশজোৰা প্ৰতিবাদৰ আহ্বান জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ নেতৃত্বত চিপিএন-ইউএমএলে। ইয়াৰ ভিতৰত সমগ্ৰ দেশৰ সকলো ৭৫৩টা স্থানীয় ইউনিট অন্তৰ্ভুক্ত আছে।
দলটোৰ প্ৰচাৰ বিভাগৰ মুৰব্বী ৰাজেন্দ্ৰ গৌতমে জনোৱা মতে, ইতিমধ্যে সমগ্ৰ দেশৰ ৬৭৪৩টা ৱাৰ্ডত ৱাৰ্ড পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। গৌতমে মটৰ চাইকেল ৰেলী আজিৰ শক্তি প্ৰদৰ্শনৰ এক মূল অংশ বুলি উল্লেখ কৰে। স্থানীয় ইউনিটসমূহে নিজৰ কেন্দ্ৰত ৰাজহুৱা সভা আৰু শোভাযাত্ৰাৰ আয়োজন কৰিছে। ১৫ নৱেম্বৰত জিলা পৰ্যায়ৰ ৰাজহুৱা সভা আৰু ২২ নৱেম্বৰত কাঠমাণ্ডুত প্ৰতিবাদী সমদলৰ আহ্বান জনাইছে দলটোৱে।
हिन्दुस्थान समाचार / অৰৱিন্দ
