কাঠমাণ্ডু, ২৫ ডিচেম্বৰ (হি.স.)। কেতিয়াবা এখন হৃদয়ে দুখন দেশক সংযোগ কৰে। মানচিত্ৰ বা কূটনীতিৰ কোনো প্ৰয়োজন নাই; কেৱল মানৱতাই যথেষ্ট। এগৰাকী অনাথ নেপালী ছোৱালী, যিগৰাকী বৰ্তমান ভাৰতীয় নাগৰিকৰ হৃদয় বুকুত ধপধপাই আছে, এই মানৱতাৰ নিদৰ্শন হৈ পৰিছে।
কেৰালাৰ এৰ্নাকুলাম জিলাৰ এখন চৰকাৰী চিকিৎসালয়ে সফলতাৰে সম্পন্ন কৰিছে প্ৰথমটো হৃদযন্ত্ৰ সংৰোপণ। এই অনুষ্ঠানটো ভাৰতৰ বাবে কেৱল চিকিৎসাৰ এক বৃহৎ সাফল্যই নহয় নেপাল আৰু ভাৰতৰ আৱেগিক সম্পৰ্কৰ এক বিৰল উদাহৰণ।
এই হাৰ্ট ট্ৰান্সপ্লাণ্টে নেপালৰ সুৰখেট জিলাৰ ২১ বছৰীয়া নেপালী ছোৱালী দুৰ্গা কামীক নতুন জীৱন দিলে। আগষ্ট মাহৰ শেষ সপ্তাহত চিকিৎসাৰ বাবে কেৰালাত উপস্থিত হয়।
৪৭ বছৰীয়া এ শিভু কেৰালাৰ বাসিন্দা আছিল। যোৱা নৱেম্বৰ মাহত সংঘটিত পথ দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। কিছুদিন চিকিৎসাৰ অন্তত চিকিৎসকে তেওঁক মগজু মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ বাবে সেয়া আছিল গভীৰ শোকৰ মুহূৰ্ত, কিন্তু সেই দুখৰ মুহূৰ্ততে তেওঁলোকে এটা গভীৰ মানৱীয় সিদ্ধান্ত লৈছিল: শিভুৰ হৃদয় দান কৰা।
ইফালে কেৰালাৰ আন এটা প্ৰান্তত দুৰ্গা জীৱন-মৃত্যুৰ মাজত সংগ্ৰাম কৰি আছিল। অনাথ আশ্ৰমত ডাঙৰ-দীঘল হোৱা দুৰ্গা হৃদযন্ত্ৰৰ এক বিৰল আৰু গুৰুতৰ ৰোগত ভুগিছিল যাক কাৰ্ডিয়াক চাৰক’ইড’ছিছ বুলি কোৱা হয়। তাইৰ মাক আৰু ভনীয়েকৰো একেটা ৰোগতে মৃত্যু হৈছিল আৰু তাইৰ দেউতাকৰ ইতিমধ্যে মৃত্যু হৈছিল। হৃদযন্ত্ৰ সংৰোপণ আছিল তাইৰ শেষ আশা। প্ৰথমে লক্ষ্ণৌ আৰু তাৰ পিছত কাঠমাণ্ডুলৈ চিকিৎসাৰ বাবে গৈছিল যদিও মালয়ালী বন্ধু এজনৰ পৰামৰ্শত অৱশেষত কোচিত উপস্থিত হৈছিল।
কেৰালা ৰাজ্যিক স্বাস্থ্য বিভাগে হাৰ্ট ডনাৰৰ তালিকাত তেওঁক অগ্ৰাধিকাৰ দিছিল। আদালতৰ নিৰ্দেশ, স্বাস্থ্য মন্ত্ৰালয়ৰ সক্ৰিয় প্ৰচেষ্টা, চিকিৎসকৰ নিষ্ঠাৰ বাবেই কেইঘণ্টামানৰ ভিতৰতে শিভুৰ হৃদযন্ত্ৰ দুৰ্গালৈ প্ৰতিস্থাপন কৰাৰ সিদ্ধান্ত সম্ভৱ হৈ উঠিল। শিভুৰ হৃদযন্ত্ৰক হেলিকপ্টাৰেৰে নিৰাপদে কোচিৰ পৰা প্ৰায় ১১ কিলোমিটাৰ নিলগৰ এৰ্নাকুলাম জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই অভিজ্ঞ চিকিৎসা দলে সফল অপাৰেচন কৰি দুৰ্গাক এক নতুন জীৱন প্ৰদান কৰে।
দুৰ্গাৰ ভাতৃ তিলকে চিকিৎসালয়, চিকিৎসক, কেৰালা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। আৱেগিকভাৱে তেওঁ কয়, মই দাতা পৰিয়াল আৰু কেৰালা চৰকাৰক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জেও ছ’চিয়েল মিডিয়াত চিকিৎসকসকলক প্ৰশংসা কৰি ভাৰতত প্ৰথমবাৰৰ বাবে জিলা চিকিৎসালয়ত হৃদৰোগ সংৰোপণ কৰা বুলি দাবী কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
